শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২০৪জন কোভিড পজিটিভ, সুস্থ হৈছে ২৯৬১জন...  •  ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...

বীৰ জোৱানসকলৰ সাহস আৰু কৰ্তব্যনিষ্ঠাক সদায়েই মনত ৰাখিব দেশবাসীয়ে…

87

ডিজিটেল ডেস্কঃ ৭৪সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে সম্বোধন কৰে দেশবাসীক। স্বাধীনতা দিৱসৰ প্ৰাক সন্ধিয়াত দেশ-বিদেশত থকা সকলো ভাৰতীয়ক শুভেচ্ছা জ্ঞাপন কৰে। যিসকলৰ বলিদান আৰু অহোপুৰুৰ্ষাথৰ বলত ভাৰতে স্বাধীনতা লাভ কৰিছিল সেই বীৰসকলক কৃতজ্ঞতাসহকাৰে মনত ৰখা প্ৰয়োজন বুলি মন্তব্য কৰে ৰাষ্ট্ৰপতি কোৱিন্দে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কিছুদিনৰ পূৰ্বে গালোৱানত সংঘটিত হোৱা সংঘৰ্ষৰ সন্দৰ্ভত কয়, যিসময়ত সমগ্ৰ বিশ্বই কোৰোনা মহামাৰীৰ সৈতে যুঁজ দি আছে, তেন্তে সময়ত ভাৰতৰ কাষৰীয়া এখন ৰাষ্ট্ৰই অতি চতুৰালিৰে বিস্তাৰবাদী মনোভাৱক প্ৰশ্ৰয় দি যিকাম কৰিছিল। সেই সকলোবোৰ চতুৰালি আমাৰ বাহাদুৰ জোৱানে প্ৰাণ দি হলেও বিফল কৰিলে।

আজি সমগ্ৰ দেশে গলোৱান ঘাটিত শ্বহীদ হোৱা সকলো বীৰকে স্মৰণ কৰিছে। তেওঁলোকৰ সাহস আৰু কৰ্তব্যনিষ্ঠাক লৈ আজি দেশ গৌৰৱাম্বিত। প্ৰতিজন ভাৰতীয়ৰ বুকুত শ্বহীদসকলৰ পৰিয়াললৈ সদায়েই কৃতজ্ঞতা ভাৱ থাকিব। দেশৰ শত্ৰুক উচিত প্ৰত্যুত্তৰ প্ৰদান কৰা হব বুলিও মন্তব্য কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি