‘জনসাধাৰণৰ হৈ মাত মতা নেতাৰ বিৰুদ্ধে চৰকাৰৰ স্বতন্ত্ৰ সংস্থাক ব্যৱহাৰ আইনী সন্ত্ৰাস, ই ফেচিবাদৰ আন এক ৰূপ’

‘জনসাধাৰণৰ হৈ মাত মতা নেতাৰ বিৰুদ্ধে চৰকাৰৰ স্বতন্ত্ৰ সংস্থাক ব্যৱহাৰ আইনী সন্ত্ৰাস, ই ফেচিবাদৰ আন এক ৰূপ’

ডিজিটেল ডেস্কঃ নেচনেল হেৰল্ড গোচৰত ৩ দিন ধৰি ২৫ ঘণ্টাতকৈ অধিক সময় কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক ই ডিয়ে জেৰা কৰি থকা কাৰ্যক নিৰ্যাতন আখ্যা দি ক্ষোভ উজাৰিছে নাগালেণ্ড প্ৰদেশ কংগ্ৰেছৰ সভাপতি কে থেৰিয়ে। এক সংবাদ মেলত থেৰিয়ে কয় যে, ভাৰতীয় নিৰ্বাচন আয়োগে পূৰ্বেই ৰাহুল গান্ধীৰ বিৰুদ্ধে উত্থাপিত অভিযোগক অসত্য বুলি অভিহিত কৰিছে। অসত্য বুলি প্ৰমাণিত সেই অভিযোগ পুনৰ উত্থাপন কৰি প্ৰৱৰ্তন সঞ্চালকালয় (ই ডি)য়ে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ মতে কাম কৰি আছে।

থেৰিয়ে কয়, ই ডিয়ে কেন্দ্ৰীয় বিজেপি চৰকাৰে বিচৰা মতেই ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীক হাৰাশাস্তি কৰি আছে। ই ডি এতিয়া ৰাজনৈতিক অনুষ্ঠান হৈ পৰিছে আৰু তেওঁলোকে ৰাহুল গান্ধীক ২৫ ঘণ্টা ধৰি সোধপোছ কৰিছে যদিও ভুল বিচাৰি পোৱা নাই।

থেৰীয়ে সংবাদ মেলখনত ৰাষ্ট্ৰী গণতান্ত্ৰিক চৰিত্ৰ হেৰুৱাইছে বুলি খেদ প্ৰকাশ কৰি কয় যে, এয়া দেশৰ নাগৰিকে বিচৰা ন্যায় আৰু সমতা নহয়। তেওঁ জনসাধাৰণৰ হৈ মাত মতা যিকোনো নেতাৰ বিৰুদ্ধে চৰকাৰে চৰকাৰী সংস্থাক ব্যৱহাৰ কৰা কাৰ্য আইনী সন্ত্ৰাসৰ দৰে আৰু ই ফেচিবাদৰ আন এক ৰূপ বুলি উল্লেখ কৰিছে।

এনপিচিচিৰ সভাপতিগৰাকীয়ে ৰাজনৈতিক নেতাসকলৰ বিৰুদ্ধে চৰকাৰী সংস্থাসমূহ ব্যৱহাৰ কৰি থকাৰ বাবে কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰক তীব্ৰ গৰিহণা দিছে।সংবাদ মেলখনত এআইচিচিৰ সচিব আৰু নাগালেণ্ডৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিৎ মুখাৰ্জীয়েও দিল্লীৰ আকবৰ ৰোডস্থিত আৰক্ষীৰ এআইচিচি মুখ্য কাৰ্যালয়-২৪ত দলীয় কৰ্মীসকলক প্ৰৱেশ কৰাত হাৰাশাস্তি কৰাৰ কাৰ্যক গৰিহণা দিয়ে।

তেওঁ কয় যে- প্ৰতিজন দলীয় কৰ্মীৰ ৰাজ্যজুৰি যিকোনো দলত প্ৰৱেশ কৰাৰ অধিকাৰ আছে। দলীয় কৰ্মীসকলক দলৰ মুখ্য কাৰ্যালয়ত প্ৰৱেশ কৰাত বাধা দিবলৈ আকবৰ ৰোডত ১৪৪ ধাৰা জাৰি কৰা কাৰ্যক তেওঁ নিন্দা কৰে। মুখাৰ্জীয়ে লগতে কয় যে- ৰাহুল গান্ধীয়ে ৭০ জনতকৈও অধিক সাংসদ, সমগ্ৰ দেশৰ শ শ বিধায়ক আৰু প্ৰতিখন ৰাজ্যৰ এটা ৰাজ্যিক গোটৰ সৈতে কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰে। কংগ্ৰেছ দলৰ সদস্যসকলে নেতৃত্বৰ ওপৰত ইচ্ছাকৃত ৰাজনৈতিক প্ৰতিশোধ লোৱা কাৰ্যক সহজভাৱে লোৱা নাই আৰু দলৰ কৰ্মীসকলে ৰাহুল গান্ধীৰ সৈতে থিয় দিছে। যদি ৰাহুল গান্ধীৰ ওপৰত ৰাজনৈতিক প্ৰতিশোধ লয় তেন্তে প্ৰতিজন কংগ্ৰেছ কৰ্মীক কাৰাগাৰলৈ নিব লাগিব।

এনপিচিচিৰ উপ-সভাপতি আলেমজংছি লংকুমাৰে সংবাদ মেলখনত কয় যে- বৰ্তমানৰ পৰিস্থিতিয়ে "গণতান্ত্ৰিক একনায়কত্ব" প্ৰতিনিধিত্ব কৰে।  এন ডি এ চৰকাৰে ৰাজনৈতিক বিৰোধীসকলক হাৰাশাস্তি কৰিবলৈ নিৰ্বাচিতভাৱে বাছনি কৰাৰ উদাহৰণ দাঙি ধৰি লংকুমাৰে কয়- ৰাহুল গান্ধী হৈছে কেন্দ্ৰীয় চৰকাৰৰ অপশাসনৰ বিৰুদ্ধে মাত মাতি অহা আটাইতকৈ সোচ্চাৰ ৰাজনৈতিক নেতাসকলৰ মাজৰ এজন।

তেওঁ কয়- ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, পাৰিপাৰ্শ্বিক আৰু নৈতিকভাৱে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ আজি বিফল হৈ পৰিছে। আনহাতে সকলো স্বায়ত্তশাসিত সংস্থাক বিজেপি চৰকাৰে তেওঁলোকৰ ৰাজনৈতিক প্ৰতিহিংসাৰ বাবে ব্যৱহাৰ কৰি আছে। প্ৰতিজন যুক্তিবাদী নাগৰিকে উপলব্ধি কৰিব পাৰিছে দেশত কি ঘটিছে আৰু এন ডি এৰ শাসনকালত কি হ'বলৈ গৈ আছে। তেওঁ পৰৱৰ্তী নিৰ্বাচনত বৰ্তমানৰ চৰকাৰখন বৰ্জন কৰিবলৈও জনসাধাৰণক আহ্বান জনায়।

সংবাদ মেলখনত এনপিচিচিৰ কাৰ্যকৰী সভাপতি ভি লাচুহ, এনপিচিচিৰ সাধাৰণ সম্পাদক শাভোহ কোনিয়াক আৰু এনপিচিচিৰ সম্পাদক ৰাজীৱ দাসো উপস্থিত থাকে। 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in