দ্বাদশ বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’ব ৰাজনীতিবিদ প্ৰেমধৰ বৰা…

দ্বাদশ বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ’ব ৰাজনীতিবিদ প্ৰেমধৰ বৰা…

ডিজিটেল সংবাদ, বিহপুৰীয়া: ১৯৬৭ চনৰ পৰা একেৰাহে ১২ বাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি বিৰল কৃতিত্বৰ অধিকাৰী হ'ব ওলাইছে এগৰাকী প্ৰাক্তন প্ৰবিন ৰাজনীতিবিদ ৷ অসমৰ ৰাজনীতিৰ পিতামহ খ্যাত প্ৰেমধৰ বৰা ২০২১ৰ সাধাৰণ নিৰ্বাচনত দ্বাদশ বাৰৰ বাবে অৱতীৰ্ণ হ'ব  ৷ ১৯৬৭ চনৰ নিৰ্বাচনত প্ৰথম বাৰৰ বাবে বিধায়ক নিৰ্বাচিত হোৱা প্ৰেমধৰ বৰা ১৯৭২, ১৯৭৮ আৰু  ২০০১ চনৰ সাধাৰণ নিৰ্বাচনত জয়ী হৈ মুঠ চাৰিটা কাৰ্যকালৰ বাবে বিহপুৰীয়া সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল৷ 

১৯৭৯ চনত শিক্ষামন্ত্ৰী আৰু ২০০১ চনত প্ৰটেম অধ্যক্ষৰ আসন অলংকৃত কৰিবলৈ সক্ষম হোৱা প্ৰেমধৰ বৰাই বৃহস্পতিবাৰে লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা মনোনয়নপত্ৰ সংগ্ৰহ কৰে ৷ দহ বাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰবিন ৰাজনীতিবিদ গৰাকীয়ে আগন্তুক বিধান সভাৰ নিৰ্বাচনত অসম সংগ্ৰামী মঞ্চ ৰ হৈ প্ৰতিদ্বন্দিতা কৰিব৷ ২০০১ চনত প্ৰেমধৰ বৰাই তৃণমুল গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াই বিজয়ী হৈছিল যদিও তৃগপ নিৰ্বাচন আয়োগৰ পঞ্জীভুক্ত নোহোৱাৰ বাবেই নিৰ্দলীয় প্ৰাৰ্থী হিচাবে স্বীকৃতি পাইছিল তেওঁ ৷

বিহপুৰীয়া সমষ্টিটো বাৰবৈষ্ণৱৰ জন্মস্থান ৰূপে খ্যাত বাবেই ১২ নম্বৰ বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলি মন্তব্য কৰিছে প্ৰেমধৰ বৰাই ৷ ২০২১ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি বিজয়ী হ'ব বুলি আশাবাদী প্ৰেমধৰ বৰা ৷ উল্লেখযোগ্য যে, ৯১ বছৰ বয়সটো পূৰ্ণোদ্যমে সামাজিক কাম কাজৰ লগত জড়িত হৈ থকা প্ৰেমধৰ বৰা শিশু সকলৰ মাজত মৰ্টন ককা নামেৰে জনপ্ৰিয় ৷ প্ৰতিমুহুৰ্ততে হাতত এটা মৰ্টনৰ টেমা লৈ ঘুৰি ফুৰা প্ৰেমধৰ বৰাই শিশু,কিশোৰ- কিশোৰী সকলক দেখা মাত্ৰেই বিলাই যায় চকলেট ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in