‘কা’ আনি বিজেপিয়ে কংগ্ৰেছে কৰা পাপৰ প্ৰায়চিত্ত কৰিছে…’

‘কা’ আনি বিজেপিয়ে কংগ্ৰেছে কৰা পাপৰ প্ৰায়চিত্ত কৰিছে…’

ডিজিটেল ডেস্কঃ 'যিসকলে বন্দে মাতৰম স্বীকাৰ নকৰে, তেওঁলোকৰ দেশত থকাৰ কোনো অধিকাৰ নাই।' নাগৰিকত্ব সংশোধনী আইনক সমৰ্থন জনাই এই মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপ চন্দ্ৰ সাঙ্গগীয়ে। মন্ত্ৰীগৰাকীয়ে কা'ক সমৰ্থন জনাই কয় যে, সংশোধিত নাগৰিকত্ব আইনৰ বাবে দেশবাসীয়ে প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জনাব লাগে।'

ইফালে কংগ্ৰেছক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয়, যিসকলে দেশত অশান্তি সৃষ্টি কৰি আছে তেওঁলোক দেশভক্ত নহয়। যিসকলে ভাৰত স্বাধীনতা, একতা আৰু বন্দে মাতৰমক বিশ্বাস নকৰে তেওঁলোকে এই দেশত থকাৰ কোনো অধিকাৰ নাই।'

ইমানতে ক্ষান্ত নাথাকি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰি কয়, আমি কা আনি কংগ্ৰেছ পাপৰ প্ৰায়চিত্ত কৰিছো। কংগ্ৰেছে দেশ বিভাজন কৰাৰ যি চক্ৰান্ত ৰচিছিল, তাক বিফল কৰিছো।' তেওঁ লগতে কয়, সংশোধিত নাগৰিকত্ব আইন ৭০ বছৰৰ আগতেই আনিব লাগিছিল। কংগ্ৰেছৰ পাপ আমি এতিয়া প্ৰায়চিত্ত কৰিছো।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in