ভৱানীপুৰ সমষ্টিৰ পাউৰাবাহাত প্ৰমীলা ৰাণী ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ

ভৱানীপুৰ সমষ্টিৰ পাউৰাবাহাত প্ৰমীলা ৰাণী ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ

ডিজিটেল সংবাদ, শালবাৰীঃ "যদি উৰ্খাও গৌৰা ব্ৰহ্মই বড়োলেণ্ড বিচাৰে তেতিয়াহ'লে এআইইউডিএফৰ লগত তেওঁৰ মিত্ৰতাৰ কথা আহিবই নোৱাৰে। এআইইউডিএফৰ নেতাসকলে আমাৰ বিটিচি চুক্তি বাতিলৰ কাৰণে যুঁজিয়ে আছে৷ গতিকে ৰাইজে ইয়াৰ পৰা বুজা উচিত যে, ৰাইজক প্ৰলোভন দি যাতে তেওঁ ভোট আদায় কৰিব নোৱাৰে তাৰবাবে সকলো সজাগ হ'ব লাগে৷ আমি উৰ্খাও গৌৰা ব্ৰহ্মক আহ্বান জনাইছোঁ তেওঁ আমাৰ লগত আহক, আমাৰ লগত আহিলে আমি তেওঁক ভাল আসন দিম৷" এই মন্তব্য সমাগত লোকসভা নিৰ্বাচনৰ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ৷

মঙলবাৰে ভৱানীপুৰ সমষ্টিৰ তাতিকুছিৰ সমীপৰ পাউৰাবাহাত অনুষ্ঠিত হোৱা দলটোৰ এখন নিৰ্বাচনী সভাত ভাষণ প্ৰসংগত প্ৰমীলা ৰাণী ব্ৰহ্মই সন্মিলিত জনগোষ্ঠীয় ঐক্যমঞ্চৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াক সমালোচনা কৰি কয়- "নৱ শৰণীয়াই আমাৰ সাতামপুৰুষীয়া একতাৰ মাজত বিভেদ আনিছে৷ আমি বড়ো-অবড়ো বুলি নহয়, আমি সকলোৱে এক হৈ মিলাপ্ৰীতিৰে পূৰ্বৰ একতাৰ পৰম্পৰা বজাই ৰাখি আগুৱাব লাগে৷"

বিজেপি দলৰ নেতা গোপীৰাম নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আজিৰ নিৰ্বাচনী সভাখনত শৰৎ স্বৰ্গীয়াৰী, সদ্য কংগ্ৰেছ ত্যাগী নেতা ধীৰাজ ডেকা, প্ৰদীপ দেৱনাথ, নাৰায়ণী বসুমতাৰী প্ৰমুখ্যে দলৰ ভালেকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in