প্ৰবীণ সাংবাদিক, আমাৰ অসমৰ প্ৰাক্তন আবাসীক সম্পাদক প্ৰফুল্ল ৰাজগুৰু আৰু নাই

প্ৰবীণ সাংবাদিক, আমাৰ অসমৰ প্ৰাক্তন আবাসীক সম্পাদক প্ৰফুল্ল ৰাজগুৰু আৰু নাই

ডিজিটেল সংবাদ, যোৰহাটঃ যোৰহাটৰ প্ৰবীণ সাংবাদিক, আমাৰ অসম কাকতৰ প্ৰাক্তন আবাসীক সম্পাদক প্ৰফুল্ল ৰাজগুৰুৰ পৰলোক। যোৰহাট মিচন হস্পিটেলত বুধবাৰে পুৱা ৪:৩০ বজাত ৮৬ বছৰ বয়সত পৰলোকপ্ৰাপ্তি হয় প্ৰবীণ সাংবাদিকজনৰ।

যোৰহাটৰ ডি চি বি গাৰ্লচ কলেজৰ ইংৰাজী বিভাগৰ মুৰব্বী হিচাপে অৱসৰ লৈছিল শিক্ষাবিদগৰাকীয়ে। ৰাজগুৰুৰ মৃত্যুত যোৰহাটত শোকৰ ছাঁ। যোৰহাট প্ৰেছ ক্লাবৰ উপদেষ্টা হিচাপে দায়িত্ব পালন কৰি আছিল তেঁখেতে। যোৰহাটত শোকৰ ছা পৰা দেখিবলৈ পোৱা গৈছে। যোৰহাট প্ৰেছ ক্লাব, যোৰহাট ই মেডিয়াৰ শোক প্ৰকাশ কৰিলে বিশিষ্ট ব্যক্তিজনৰ মৃত্যুত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in