মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ! কেব সম্পৰ্কত বিস্ফোৰণ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ, VIDEO

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, কামপুৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিস্ফোৰণ। ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা অসম গণ পৰিষদৰ প্ৰতিস্থাপক সভাপতিজনৰ। মহন্তই কেব সদায় বিৰোধ কৰি যাব বুলি কৈ কেব আহিলে অসম চুক্তিক অমান্য কৰাৰ লগতে বিদেশীক স্বদেশী কৰা হ'ব বুলি মন্তব্য কৰে।

৮৫৫ জন ছহিদৰ কেচা তেজৰ বিনিময়ত স্বাক্ষৰিত হোৱা অসম চুক্তিৰ মতে কাম নকৰি কেন্দ্ৰীয় চৰকাৰে নিজাকৈ কাম কৰিছে বুলিও অভিযোগ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক কেতিয়াও মানি নলয় বুলি মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in