‘ক্ষমতাৰ স্বাৰ্থত ৰাজনীতিত মৰাশত শগুণ পৰা দি নপৰিব…’

‘ক্ষমতাৰ স্বাৰ্থত ৰাজনীতিত মৰাশত শগুণ পৰা দি নপৰিব…’

ক্ষমতাৰ স্বাৰ্থত ৰাজনীতিত মৰাশত শগুণ পৰা দি নপৰিব।' নাটক,বোলছবি কেৱল মনোৰঞ্জনৰ আহিলা নহয়, সমাজ সংস্কাৰৰ এক শক্তিশালী আহিলা নাটক,বোলছবি,গীত মাত ইত্যাদি। জ্যোতি-বিষ্ণুৰ পৰা পৰা আৰম্ভ কৰি ৰীমা দাসলৈকে অসমীয়া চলচ্চিত্ৰৰ আছে এক বৰ্ণিল অধ্যায়। ২৫ অক্টোবৰৰ পৰা আৰম্ভ হোৱা দ্বিতীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত ২৫ বছৰ পুৰণি এখন বিশেষ অসমীয়া ছবিক লৈ 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ ডিম্পুল বৰগোহাঁইৰ এক বিশেষ প্ৰতিবেদন–

'ক্ষমতাৰ স্বাৰ্থত ৰাজনীতিত মৰাশত শগুণ পৰা দি নপৰিব'- এজন ক্ষমতালোভী ৰাজনীতিবিদক এজন নিবনুৱা যুৱকে দিলে এই হুংকাৰ। হৃদয়স্পৰ্শী সংলাপ, নিখুঁত পৰিচালনা আৰু অসমৰ ছবিজগতৰ কুৰিৰো অধিক অভিজ্ঞ অভিনেতা-অভিনেত্ৰীৰ মনপৰশা অভিনয়। ছবিখনৰ কিছু দৃশ্যত দৰ্শকৰ জাউৰী জাউৰী হাত চাপৰি। সমাজ জীৱনৰ বহু সমস্যা ছবিৰ পৰ্দাত দেখি এয়া আছিল দৰ্শকৰ স্বতঃস্ফূৰ্ত সঁহাৰি।

হেৰাই গৈছে নেকি ল'ৰালি? এতিয়া আমি সকলো ব্যস্ত। জীৱনৰ জটিল যুঁজখনত জয়ী হোৱাৰ প্ৰত্যেকৰে অপ্ৰাণ চেষ্টা। ব্যস্ততাৰ এই জীৱনৰ মাজতো ল'ৰালিৰ সেই মধুৰ স্মৃতিবোৰ সুঁৱৰি কেতিয়াবা অন্তৰাত্মাই চিঞৰে- অ' জীৱন ঘূৰাই দে মোক ল'ৰালি। এই বাস্তৱ চিন্তাধাৰাক ছবিখনত সুন্দৰ ৰূপত ফুটাই তোলা হৈছে। বাস্তৱ জীৱনৰ কঠোৰ প্ৰত্যাহ্বানবোৰ নেওচি জীৱন যুঁজত আগবঢ়াৰ পাছতো এজন যুৱকক ল'ৰালিয়ে কেনেকৈ আমনি কৰিছে ছবিখনত দেখুওৱা হৈছে এনেদৰে।

১৯৯২চনত মুক্তি পাইছিল ছবিখনে। অসমৰ যশস্বী পৰিচালক মুনিন বৰুৱাই পৰিচালনা কৰা ছবিখনৰ নাম 'প্ৰভাতী পখিৰ গান'। অমৰ নাথ তিৱাৰী আৰু বিজয় নয়ন তিৱাৰীৰ প্ৰযোজনাৰে ৰাজকমল পিক্সাৰ্ছৰ বেনাৰত নিৰ্মাণ কৰা হৈছিল ছবিখন। প্ৰায় তিনি ঘণ্টা দৈৰ্ঘ্যৰ ছবিখনত সমাজ জীৱনৰ বিভিন্ন সমস্যা প্ৰতিফলিত কৰাৰ উপৰিও দৰ্শকৰ মনোৰঞ্জনৰ প্ৰতিও লক্ষ্য ৰাখিছে পৰিচালকে। কেতিয়াবা যদি ছিৰিয়াছ দৃশ্য, তাৰ মাজতে আকৌ কমেডী দৃশ্যৰ সমাহাৰে দৰ্শকৰ হাঁহিবলৈ বাধ্য কৰাইছিল। ইঞ্চুৰেন্স কোম্পানীৰ কৰ্মচাৰীসকলে গ্ৰাহকক কোনো এটা বীমাৰ প্ৰতি কেনেকৈ আগ্ৰহী কৰি তোলে সেই দৃশ্য চাই প্ৰেক্ষাগৃহত উপস্থিত সকলো দৰ্শকৰ মাজত হাঁহিৰ ৰোল উঠিল।

দেশৰ ৰাজনীতি কেনেকৈ চলিছে? তথাকথিত দল-সংগঠনবোৰ আৰু ৰাজনৈতিক নেতাৰ ভিতৰুৱা সম্পৰ্ক কেনেকুৱা? এইসকলবোৰ দিশ উন্মোচিত হৈছে ছবিখনত। পুঁজিৰ বাবে ৰাজনৈতিক নেতাবোৰে অনিয়মেৰে ধন উপাৰ্জন কৰা উদ্যোগপতি সকলৰ সৈতে কেনেধৰণৰ অংকত মিলিত হয় তাৰো আভাস দিছে ছবিখনে। সংগঠনৰ বৰমূৰীয়া সকলক মেনেজ কৰি ৰাখি সমাজত ঘটি থকা দুৰ্নীতিবোৰ দেখিও নেদেখা ভাও জুৰিবলৈ বাধ্য কৰাই ৰাজনৈতিক নেতাসকলে। ছবিখনৰ এনে কিছু দৃশ্য চাই প্ৰেক্ষাগৃহত বহি থকা দৰ্শকসকলৰ মাজত আলোচনাও হৈছে- 'একেবাৰে এতিয়া অসমৰ সৈতে মিলি গৈছে দেই।' এফালে জনসাধাৰণৰ সমুখত নিকা ভাবমূৰ্তি বজাই ৰাখি, আনফালে সমাজবিৰোধী কাম-কাজত লিপ্ত থকা ৰাজনৈতিক নেতাৰ প্ৰকৃত স্বৰূপ ছবিখনত দেখাইছে এনেধৰণে।

২৭ অক্টোবৰত কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত দ্বিতীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল 'প্ৰভাতী পখিৰ গান' ছবিখন। ছবিখন আৰম্ভ হোৱাৰ পূৰ্বে ছবিখনৰ সৈতে জড়িত কলা-কুশলীসকলক লৈ এটি সম্বৰ্ধনা অনুষ্ঠানো আয়োজন কৰিছিল আয়োজক সমিতিয়ে। চলিত বৰ্ষৰ ৭ এপ্ৰিলত দেহাৱসান হোৱা পৰিচালক মুনিন বৰুৱাৰ স্মৃতি সুঁৱৰি বক্তৃতা ৰাখিছিল গৰিমা শইকীয়া গাৰ্গে। অনুষ্ঠানত ছবিখনৰ অভিনেতা প্ৰাঞ্জল শইকীয়া, মৃদুলা বৰুৱাকে ধৰি কেবাজনো শিল্পীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

'প্ৰভাতী পখিৰ গান'ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰাঞ্জল শইকীয়া, তপন দাস, প্ৰয়াত বিদ্যুৎ চক্ৰৱৰ্তী, জয়ন্ত দাস, পূৰৱী শৰ্মা, মৃদুলা বৰুৱাকে ধৰি বহুকেইজন জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে। ছবিখনৰ পৰিচালনাৰ লগতে চিত্ৰনাট্যও আছিল মুনিন বৰুৱাৰ। মুল কাহিনীভাগ আছিল অমূল্য কাকতিৰ। জ্যোতি চিত্ৰবন, পূব শৰণীয়া আৰু কাহিলীপাৰাৰ ওচৰ চুবুৰীয়া গাঁও সমূহত ছবিখনৰ শ্বুটিং কৰা হৈছিল।

৫ নিবনুৱা যুৱক ক্ৰমে অমৰ, প্ৰকাশ, অতুল, সঞ্জয় আৰু হাছিফ। উচ্চ শিক্ষিত আৰু প্ৰচুৰ প্ৰতিভাৰ অধিকাৰী এই পাঁচজন যুৱকে দুৰ্নীতিক প্ৰশ্ৰয় দি চৰকাৰী চাকৰি লোৱা পক্ষপাতী নহয়। সিহঁতে বুজি পাই- এই দুনীয়াখন যে দুৰ্নীতিৰ ভঁৰাল। দুৰ্নীতিৰ এই জগতখনত ভৰি নেদি এটা ভাগি-ছিগি যোৱা ক্লাৱঘৰতে ফূৰ্তি-তামাচাৰ মাজেৰে সংগীতৰ সাধনা কৰে তেওঁলোকে। তাৰমাজতে কেবাজনে চাকৰিৰ বাবে বহুবাৰ ইণ্টাৰভিউ দিছে। কিন্তু টকা দিব নোৱাৰা বাবেই সেই চৰকাৰী চাকৰি তেওঁলোকে ল'ব পৰা নাই। কেতিয়াবা নিৰাশ হয় সিঁহত। কিন্তু তাৰ মাজতে সিহঁতে পোহৰৰ সপোন দেখে। ইটোৱে সিটোক উৎসাহ দিবলৈ সিহঁতে নিজে সৃষ্টি কৰা  গানৰ আশ্ৰয় লয়। ছবিখনৰ তেনে এটি গানৰ দৃশ্য এয়া-

ছবিখনত অমল নামৰ চৰিত্ৰটোত অভিনয় কৰা প্ৰাঞ্জল শইকীয়াক ছবিখনৰ সন্দৰ্ভত কিছু কথা জানিবলৈ আমি তেওঁৰ লগত যোগাযোগ কৰিছিলো। প্ৰবীন অভিনেতাগৰাকীয়ে ছবিখন সন্দৰ্ভত ক'লে- আজিকালি ছবিৰ শ্বৰ্টকাট ফৰ্মূলাক অনুসৰণ কৰা হয়। যাৰফলত ছবিবোৰৰ আচল অৰ্থতো ফুটিয়েই নুঠে। কিন্তু মুনিন বৰুৱা দেৱৰ 'প্ৰভাতী পখিৰ গান' ছবিখন তেনে নহয়। ইয়াত সমাজৰ সমস্যাবোৰ পুংখানুপুংখভাৱে দেখুওৱা হৈছে। ছবিখন ২৫বছৰ পাৰ হ'ল যদিও, আজিৰ সমাজত এতিয়াও প্ৰাসংগিক ছবিখন। নিবনুৱা সমস্যাৰ পৰা আদি কৰি ৰাজনৈতিক নেতা-পালিনেতাৰ দুতলীয়া স্থিতিৰ স্বৰূপ উদঙাইছে ছবিখনে। মই আঁচৰিত হ'লো, ২৫ বছৰ পুৰণি ছবিখনৰ মাজত মানুহবোৰ এনেধৰণে সোমাই গৈছিল যে বহুতে ছবিখন চাই চকুপানীও টুকিছিল। ছবিখন চাই থাকোতে পৰিচালক মুনিন বৰুৱাৰ লগতে অভিনেতা তথা পৰিচালক বিদ্যুৎ চক্ৰৱৰ্তীৰো অভাৱ অনুভৱ কৰিছিলো।'

দালাল কোন? চিনেমা ঘৰৰ সমুখত ব্লেকত টিকট বিক্ৰী কৰা জন নে কেইটামান টকা আৰু ক্ষমতাৰ বাবে দেশখন বিক্ৰী কৰা জন? ছবিখনৰ এটা চৰিত্ৰই এই কথাকো স্পষ্টৰূপত দাঙি ধৰিলে এনেধৰণে।

ছবিখনৰ সংগীতৰো আছে এক অজনা টান। হাই-উৰুমিৰে ভৰপূৰ সংগীতৰ পৰা ফালৰি কাটি ছবিখনত সাৱলীল সুৰৰ লগতে গীতৰ কথাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। জে পি দাসে সংগীত পৰিচালনা কৰা ছবিখনৰ এটা গীতৰ কিছু দৃশ্যাংশ।

মুঠৰওপৰত সমাজৰ সকলো দিশ সামৰি এখন পূৰ্ণাংগ ছবি 'প্ৰভাতী পখিৰ গান'। কেইজনমান নিবনুৱা প্ৰতিভাবান যুৱকৰ জীৱন সংগ্ৰামৰ কাহিনী সাঙুৰি সমাজৰ প্ৰত্যেকটো সমস্যাক আঙুলিয়াই দিবলৈ চেষ্টা কৰিছে পৰিচালকে। ৰাজনীতি, সমাজ, প্ৰেম এই সকলো বিষয় সামৰি এখন পূৰ্ণাংগ ছবিৰ মৰ্যাদা দিব পাৰি 'প্ৰভাতী পখিৰ গান'ক। সেয়ে হয়তো প্ৰেক্ষাগৃহত বহি থকা ২০০ৰো অধিক দৰ্শকে সম্পূৰ্ণ তিনি ঘণ্টা ধৰি উপভোগ কৰিলে ২৫ বছৰ পুৰণি এই ছবিখন। ছবিখনৰ এটা চৰিত্ৰৰ সংলাপ- 'সফলতাৰ বাটত আবেগ-অনুভতি নাথাকে, থাকে কেৱল পৰিশ্ৰম, পৰিকল্পনা আৰু লাভ-লোকচানৰ হিচাপ-নিকাচ।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in