চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে…

চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে…

ডিজিটেল সংবাদ,চামগুৰি : নগাঁও জিলাৰ চামগুৰিস্থিত পাৱাৰ গ্ৰীড চাব-ষ্টেচনত বিশ্বকৰ্মা পূজাৰ দিনা পুৱাই সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত সমগ্ৰ নগাঁও জিলাৰ লগতে দাঁতি কাষৰীয়া অঞ্চল সমূহত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছিল। ফলত মঙলবাৰ পৰ্য্যন্ত জীয়াতু ভুগিব লগাত পৰিছে স্থানীয় জনসাধাৰণে।

মঙলবাৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই পাৱাৰ গ্ৰীড চাব-ষ্টেচনটোত উপস্থিত হৈ পৰিস্থিতি বুজ লোৱাৰ লগতে চামগুৰিৰ গেন্ধালিস্থিত ২২০ কেভি গ্ৰীড চাব-ষ্টেচনত পাৱাৰ গ্ৰীড আৰু এ পি ডি চি এলৰ একাংশ বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতে এখন বৈঠকত মিলিত হয় ৷ চামগুৰি, পুৰণিগুদাম কলিয়াবৰকে ধৰি সমগ্ৰ নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ ৰাইজে বিগত ছদিন ধৰি জীয়াতু ভুগিব লগা হৈছে।

বৈঠকত মিলিত হোৱাৰ পূৰ্বে মন্ত্ৰী গৰাকীয়ে নগাঁও জিলাত চলি থকা চুড়ান্ত বিদ্যুৎৰ নাটনিৰ আঁৰত থকা প্ৰকৃত ঘটনাৰাজিৰ বুজ ল'বলৈ বিদ্যুৎ বিভাগৰ একাংশ বিষয়া সহ অগ্নিকাণ্ডটোত ভষ্মীভূত হোৱা ট্ৰাঞ্চফৰ্মাৰটো তথা আণ্ডাগ্ৰাউণ্ড ক'ণ্ট্ৰল কেৱল সমূহ মেৰামতিৰ কামৰ পৰিদৰ্শন কৰে ৷তেওঁ পাৱাৰ গ্ৰীড চাব ষ্টেচনটো পৰিদৰ্শন কৰাৰ অন্তত আগন্তুক ২৪ ঘন্টাৰ ভিতৰত বিদ্যুৎৰ নাটনি বহু পৰিমাণে দুৰহৈ পূৰ্বৰ স্থিতিলৈ ঘূৰি আহিব বুলি আশ্বাস প্ৰদান কৰে ৷

উল্লেখ্য যে, অগ্নিকাণ্ডৰ পিছত পাৱাৰ গ্ৰীড পৰা বিদ্যুৎ যোগান পোৱাৰ পিছতো চামগুৰি ,পুৰণিগুদাম,কলিয়াবৰকে ধৰি জিলাখনৰ বিভিন্ন অঞ্চলত ইচ্ছাকৃত ভাৱে বিদ্যুৎ কৰ্টন কৰি ৰখাৰ অভিযোগ উঠিছে।এই সন্দৰ্ভত এ পি ডি চি এলৰ অধীনত কৰ্মৰত একাংশ অকামিলা বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সন্দৰ্ভতো আলোচনা কৰিব বুলি মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

গ্ৰাহক সকলে বিদ্যুতৰ বিল বৰ্দ্ধিত ৰূপত সঠিক ভাৱেই পৰিশোধ কৰিব লাগে যদিও বিদ্যুৎ বিভাগে বিদ্যুৎ যোগান ধৰাৰ ক্ষেত্ৰত চৰম গাফিলতি কৰি আহিছে বুলি অভিযোগ উঠিছে ৷মঙলবাৰে জলসম্পদ মন্ত্ৰীগৰাকীয়ে বৈঠকত মিলিত হোৱাৰ সময়তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পুৰণিগুদাম আঞ্চলিক সমিতিৰ একাংশ নেতা কৰ্মীয়ে পাৱাৰ গ্ৰীড চাব ষ্টেচনৰ মুল গেটৰ সন্মুখত বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰাৰ লগতে মৌন প্ৰতিবাদ সাব্যস্ত কৰে ৷প্ৰতিবাদকাৰী সকলে বিদ্যুৎ যোগান নিয়মীয়া নহলে অনাগত দিনত প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰে সংবাদ মাধ্যমৰ আগত ৷আনহাতে বিদ্যুৎ বিভাগৰ উক্ত পৰ্য্যালোচনা বৈঠক খনত এ পি ডি চি এলৰ মুখ্য মহাপ্ৰবন্ধক কৃষ্ণ নন্দন শইকীয়াকে ধৰি বহুকেইজন বিষয়া কৰ্মচাৰী উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in