বানপানীৰ সুযোগ গ্ৰহণ ! আলু-পিঁয়াজৰ অস্বাভাৱিক মূল্যবৃদ্ধি…

বানপানীৰ সুযোগ গ্ৰহণ ! আলু-পিঁয়াজৰ অস্বাভাৱিক মূল্যবৃদ্ধি…

ডিজিটেল সংবাদ চিৰাংঃ সম্প্ৰতি ৰাজ্যৰ বিভিন্ন জিলাত বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে আৰু এই বানপানীৰ কৱলত পৰি সাধাৰণ জনতা ককবকাই আছে । চৰকাৰ তথা জিলা প্ৰশাসন বানপীড়িত লোক সকলক উদ্ধাৰ আৰু সাহাৰ্য্যৰ কামত ব্যস্ত থকা পৰিলক্ষিত হৈছে আৰু এই সময়ছোৱাতে এই বানপানীৰ গইনা লৈ চিৰাঙত একাংশ অসাধু ব্যৱসায়ীয়ে নিজৰ খেয়াল খুছি মতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অস্বাভাৱিক হাৰত মূল্যবৃদ্ধি কৰি সাধাৰণ ৰাইজক লুন্ঠন কাৰ্য্য চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

যোৱা এক সপ্তাহৰ ভিতৰত বিশেষকৈ আলু, পিঁয়াজৰ দাম অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে । জিলাখনৰ বাসুগাঁও চহৰত এক সপ্তাহ আগলৈকে পাইকাৰী বজাৰত আলু বিক্ৰী হৈছিল প্ৰতি কুইণ্টলত ১৯০০ টকাৰ পৰা ২০০০ টকা আৰু পিয়াজ বিক্ৰী হৈছিল প্ৰতি কুইণ্টল ১৭৫০ টকাৰ পৰা ১৮৫০ টকা ।

মাত্ৰ এটা সপ্তাহ পিছত অৰ্থ্যাৎ আজিৰ দিনটোত প্ৰতি কুইণ্টল আলু পাইকাৰী বজাৰত বিক্ৰী হৈ আছে ২২০০ টকাৰ পৰা ২৪০০ টকালৈকে । অনুৰূপ ভাবে পিঁয়াজ বিক্ৰী হৈ আছে প্ৰতি কুইণ্টলত ২১০০ টকাৰ পৰা ২৩০০ টকালৈকে। অৰ্থাৎ এটা সপ্তাহৰ ভিতৰত চিৰাং জিলাৰ বাসুগাঁও চহৰত পাইকাৰী বজাৰত আলু প্ৰতি কুইণ্টলত ৩০০ টকাৰ পৰা ৪০০ আৰু পিঁয়াজ প্ৰতি কুইণ্টলত ৪৫০ টকাৰ পৰা ৫৫০ টকা মূল্যবৃদ্ধিৰে বিক্ৰী কৰিছে ।

আজিৰ দিনত বাসুগাঁও চহৰত খুচৰা বজাৰত প্ৰতি কিলোগ্ৰাম আলু ৩০ টকা আৰু পিঁয়াজ ৩০-৩৫ টকা দৰত ৰাইজে কিনিব লগাত পৰিছে । আলু -পিয়াঁজৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ ফলত জুৰুলা হৈ পৰা ৰাইজৰ অভিযোগ সন্দৰ্ভত ক্ষেত্ৰ ভিত্তিক অনুসন্ধান কৰাত বাসুগাঁও তথা ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ খুচুৰা বিক্ৰেতা সকলে কয় যে, তেওঁলোকে বাসুগাঁৱৰ পাইকাৰী বিক্ৰেতা সকলৰ পৰাই উচ্চ দৰত আলু-পিয়াজ কিনিব লগাত পৰিছে যাৰ কাৰণে বাধ্য হৈ মূল্যবৃদ্ধিৰে বিক্ৰী কৰি আছে ।

মূল্যবৃ্দ্ধিৰ আঁৰৰ কাৰণ জানিবলৈ সংবাদ মাধ্যমৰ লোকে বাসুগাঁও চহৰৰ আলু-পিয়াজৰ পাইকাৰী বিক্ৰেতা ক্ৰমে ৰাখু দত্ত, অৰ্জুন সাহা আৰু মেঘলাল দেৱনাথৰ প্ৰতিষ্ঠানত উপস্থিত হোৱাত প্ৰতিটো প্ৰতিষ্ঠানত দৈনিক মূল্য তালিকা উকা অবস্থাত দেখিবলৈ পোৱা গ'ল । এই সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁলোকে বিভিন্ন অজুহাত দেখুৱাই লিখা নাই বুজাবলৈ চেষ্টা কৰে ।

তেওঁলোকে সাংবাদিকৰ আগত আলু-পিঁয়াজৰ পাইকাৰী মূল্য যি ক'লে সেয়া সাংবাদিকৰ উপস্থিতৰ বাবে ক'লে। প্ৰকৃতাৰ্থত পাইকাৰী ব্যবসায়ী কেইজনে অধিকাংশ দিনেই তেওঁলোকৰ প্ৰতিষ্ঠানৰ দৈনিক মূল্য তালিকাত নিৰ্দ্ধাৰিত মূল্য উল্লেখ নকৰে। তাৰ বিপৰীতে নিজৰ ইচ্ছা অনুসৰি আলু-পিঁয়াজৰ মূল্য নিৰ্ধাৰণ কৰে বুলি খুচৰা ব্যৱসায়ীসকলে অভিযোগ কৰে ।

ইপিনে একাংশ খুচৰা ব্যবসায়ীয়েও সুযোগ পালেই সাধাৰণ গ্ৰাহকৰ পৰা অস্বাভাৱিক হাৰত আলু পিঁয়াজ দাম বঢ়াই বিক্ৰী কৰাৰ অভিযোগ কৰে সচেতন গ্ৰাহকসকলে । উল্লেখ্য যে, বাসুগাঁও চহৰত আলু পিঁয়াজৰ দাম অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাৰ কাৰণে চিৰাং জিলাৰ ৰুণীখাতা, গৰুভাষা, কাশিকোত্ৰা, বঙাইগাঁও জিলাৰ বিদ্যাপুৰ, বিলাসপুৰ, কোকৰাঝাৰ জিলাৰ বান্দৰছৰা, কুৰ্শাকাটী এলেকাত আলু-পিঁয়াজ খুচৰা বজাৰত ৩০ টকাৰ পৰা ৪০ টকা মূল্যত ৰাইজে কিনিব লগীয়া হৈছে।

বানপানীৰ আচিলা লৈ এনেদৰে অস্বাভাৱিক হাৰত মূল্যবৃদ্ধি কৰি আলু-পিঁয়াজ বিক্ৰী কৰা এই অসাধু ব্যৱসায়ী সকলৰ বিৰুদ্ধে জিলাৰ যোগান বিভাগ বা জিলা প্ৰশাসন ফালৰ পৰা কোনো ধৰনৰ ব্যবস্থা গ্ৰহণ নকৰাত ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in