আঠ বজাৰ লগে লগে আৰম্ভ হ’ব পোষ্টেল ভোট গণনা…

আঠ বজাৰ লগে লগে আৰম্ভ হ’ব পোষ্টেল ভোট গণনা…

ডিজিটেল সংবাদ, গোৱালপাৰা : অসম বিধানসভা নিৰ্বাচন-২০২১ৰ আজি বহু প্ৰত্যাক্ষিত ভোট গণনাৰ দিন।আজি অৱসান ঘটিব জল্পনা-কল্পনা আৰু উৎকণ্ঠাৰ। পুৱা আঠ বজাৰ পৰা ইভিএমত আবদ্ধ গোৱালপাৰা জিলাৰ চাৰিটাকৈ সমষ্টিৰ অনুষ্ঠিত হ'ব এই ভোট গণনাৰ পৰ্ব।

জিলাখনৰ চাৰিটা সমষ্টিত কোনে মাৰিব শেষ হাঁহি তাৰ বাবে আৰু বেছি ক্ষন অপেক্ষা কৰিব নালাগিব।সন্ধিয়া ছয় বজাৰ পূৰ্বেই গণনা পৰ্ব শেষ হোৱাৰ আশা কৰিছে জিলা প্ৰশাসনে। ইয়াৰ বাবে গোৱালপাৰা মহাবিদ্যালয়ত পুৱা পাঁচ বজাৰে পৰা তৎপৰতা দেখিবলৈ পোৱা গৈছে।কাউণ্টিং হলকে ধৰি নিৰাপত্তাত নিযোজিত আদিকে ধৰি সকলো বিষয়া-কৰ্মীচাৰী,কাউণ্টিং এজেণ্ট,আৰক্ষী আৰু আন আন দায়িত্বশীল লোকসকলক কাউণ্টিং হলৰ প্ৰৱেশৰ সময়ত মহাবিদ্যালয়ৰ চৌহদৰ মূল প্ৰৱেশ পথত তন্ন তন্নকৈ তালাচি চলোৱা পৰিলক্ষিত হৈছে।

ভোটগনননা কক্ষৰ ভিতৰত নিষিদ্ধ কৰা হৈছে ধূমপান, ম'বাইল ফোন,কেমেৰা আদি আপত্তিজনক বয়-বস্ত।কোভিড-১৯ নিগেটিভ প্ৰমানপত্ৰকে ধৰি প্ৰতিজনে মাস্ক পিন্ধাটো বাধ্যতামূলক।ইয়াৰ পৰা ৰেহাই দিয়া হোৱা নাই সাংবাদিকো।জনসংযোগ বিভাগে সদৰি কৰা মতে,পুৱা আঠ বজাৰ লগে লগে অনুষ্ঠিত হ'লগীয়া পোষ্টেল বেলটৰ ভোটগণনাৰ বাবে ৩৬ নং দুধনৈ (জনজাতি ) সমষ্টিৰ বাবে ২ খন টেবুল , ৩৭ নং গোৱালপাৰা পূৱ সমষ্টিৰ বাবে ৪ খন টেবুল , ৩৮ নং গোৱালপাৰা পশ্চিম সমষ্টিৰ বাবে ২ খন টেবুল আৰু ৩৯ নং জলেশ্বৰ সমষ্টিৰ বাবে ১ খন টেবুলৰ ব্যৱস্থা কৰা হৈছে ৷

৩৭ নং গোৱালপাৰা পূৱ সমষ্টিৰ বাবে পোষ্টেল বেলট গণনাৰ বাবে ৪ খন টেবুলৰ সৈতে এটা সুকীয়াকৈ হলৰ বিপৰীতে বাকি তিনিটা সমষ্টিৰ বাবে পোষ্টেল বেলট গণনাৰ বাবে ৰিটাৰ্ণিং বিষয়া থকা হলত ব্যৱস্থা কৰা হৈছে ৷ই ভি এমত আবদ্ধ ভোট গণনাৰ বাবে প্ৰতিটো সমষ্টিৰ বাবে দুটাকৈ কাউন্টিং হল আৰু প্ৰতিটো হলত ৭ খনকৈ টেবুৰ ব্যৱস্থা কৰা হৈছে ৷ গোৱালপাৰা মহাবিদ্যালয় চৌহদৰ এই ভোট গণনাৰ প্ৰক্ৰিয়াত ৪৪১ গৰাকী বিষয়া-কৰ্মচাৰীক নিয়োজিত কৰা হৈছে। ভোট গণনা প্ৰক্ৰিয়াৰ বাবে নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ ভিতৰত ১৪৭ গৰাকী মাইক্ৰ অবজাৰভাৰ, ১৪৭ গৰাকী কাউন্টিং এছিছটেণ্ট আৰু সেইদৰে ১৪৭গৰাকী কাউন্টিং ছুপাৰভাইজাৰ নিয়োজিত হ'ব ।

ভোট গণনা প্ৰক্ৰিয়াত নিয়োজিত হ'বলগীয়া এই বিষয়া কৰ্মচাৰী সকলৰ প্ৰশিক্ষণ ইতিমধ্যে ২৬ , ২৮ আৰু ২৯ এপ্ৰিলত নিউ গোৱালপাৰা হাইস্কুল আৰু কৃষি বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণৰ দিয়া হৈছে ।ৰাজ্যখনৰ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা নিৰ্বাচনী বিষয়াৰ নিৰ্দেশ মৰ্মে চৰকাৰে জাৰি কৰা ক'ভিড-১৯ ৰ সকলো বিধি মানি চলি ভোটগণনা প্ৰক্ৰিয়া চলাই নিয়াৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in