ডাকঘৰ স্তব্ধঃ সদৰ কাৰ্যালয়, বিমানঘাটি, ষ্টেচনত পচিছে পাৰ্চেল-চিঠি-পত্ৰ, ক্ষুদ্ৰ সঞ্চয়ত মাধমাৰ…

ডাকঘৰ স্তব্ধঃ সদৰ কাৰ্যালয়, বিমানঘাটি,  ষ্টেচনত পচিছে পাৰ্চেল-চিঠি-পত্ৰ, ক্ষুদ্ৰ সঞ্চয়ত মাধমাৰ…

ডিজিটেল ডেস্কঃ চৰকাৰীয়েই হওঁক বা বেচৰকাৰীয়েই হওঁক প্ৰতিটো ক্ষেত্ৰতে ডাকঘৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ ।দেশৰ কোটি কোটি মানুহৰ জীৱন জীৱিকা সাঙোৰ খাই থকা ডাকঘৰ লকডাউনৰ সময়ছোৱাত ডাকঘৰৰ সেৱা স্থবিৰ হৈ যোৱাৰ ফলত দেশৰ অৰ্থনীতি বৃহ্ৎ ক্ষতিৰ সন্মুখীন হোৱাই নহয়, খাতি খোৱা কোটি কোটি জনতাৰ একমাত্ৰ সঞ্চিত ধনৰাশীও স্তব্ধ হৈ পৰাৰ লগতে দেশৰ নিয়োগ ক্ষেত্ৰতো পেলাইছে ব্যাপক প্ৰভাৱ। কিয়নো বিশেষ ডাক যোগে অহা নিয়োগ পত্ৰসমূহ সম্প্ৰতি লকডাউনৰ বাবে আৱদ্ধ হৈ পৰি ৰৈছে ডাকঘৰৰ মজিয়াত। হয়তুবা পচিবলৈ আৰম্ভ কৰিছে এই অতি দৰকাৰী নথি সমূহ। যাৰ ফলত সম্ভাৱ্য নিযুক্তিৰ পৰা বঞ্চিত হৈ এক অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰিছে ৰাজ্যৰ ভালে সংখ্যক নিবনুৱাৰ জীৱন।

সমগ্ৰ দেশত এই ডাকঘৰৰ সংখ্যা প্ৰায় এক লাখ পাঁচপন্ন হাজাৰ পোন্ধৰ (১৫৫,০১৫)টা। অসমত এই সংখ্যা প্ৰায় পোন্ধৰ হাজাৰৰো অধিক। ৰাজহুৱা বিতৰণৰ ক্ষেত্ৰত সেয়েহে ডাকঘৰৰ অৱদান অপৰিসীম। চৰকাৰী সকলোধৰণৰ গোপনীয় নথিপত্ৰ আদান প্ৰদাণৰ ক্ষেত্ৰত ডাকঘৰসমূহেই হ'ল একমাত্ৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। দেশৰ আটাইকেইটা চৰকাৰী বিভাগৰ সকলোধৰণৰ নিয়োগপত্ৰ বিতৰণ তথা চৰকাৰী যোগাযোগৰ মাধ্যম কেৱল ডাকঘৰেই। চৰকাৰী প্ৰতিষ্ঠান সমূহেই নহয়, দেশৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান সমূহেও কাৰ্যালয়ৰ নথি-পত্ৰ বিতৰণৰ বাবে নিৰ্ভৰযোগ্য বুলি গণ্য কৰে এই চৰকাৰী খণ্ডৰ ডাকঘৰসমূহকেই। এক কথাত সকলো ধৰনৰ চৰকাৰী আৰু বে-চৰকাৰী নথি-পত্ৰ তথা সামগ্ৰী আদান প্ৰদাণৰ ক্ষেত্ৰত ডাকঘৰ সমূহৰ ভূমিকা সদায়েই একক আৰু অনন্য।

কিন্তু শেহতীয়াকৈ ডাকঘৰৰ এই ভূমিকাত ব্যাঘাত জন্মিছে। কিয়নো মহামাৰী কোৰোনা সংক্ৰমণৰ বাবে সমগ্ৰ দেশ লকডাউনৰ বাবে স্তব্ধ হৈ থকাৰ বাবে বিতৰণৰ বাবে অহা নথি-পত্ৰ সমূহ এফালৰ পৰা উঁইয়ে ধৰা পৰিলক্ষিত হৈছে। ফাটি উৱলি গৈছে বিতৰণৰ বাবে অহা ডাকৰ টোপোলা। যাৰ ছবি উন্মোচিত হৈছে ৰাজ্যৰ বিমান ঘাটিসমূহৰ লগতে প্ৰতিখন জিলাৰ প্ৰতিটো মুখ্য ডাকঘৰৰ আৰু অন্যান্য সৰুবৰ ডাকঘৰসমূহতো। লকডাউনৰ সময়ছোৱাত অন্যান্য সেৱা সমূহ বন্ধ থাকিলেও জৰুৰী সেৱা হিচাপে বিবেচিত সামগ্ৰী কঢ়িওৱা ৰে'ল আৰু বিমান পৰিবহণৰ যোগেদি ভিন্ন স্থানৰ পৰা সৰবৰাহ হৈ আছে সামগ্ৰী তথা নথি-পত্র। পাছে বিতৰণ কৰিব নোৱাৰাৰ ফলত পাহাৰসম দ'ম বান্ধিছে ডাকঘৰৰ চৌহদ , ষ্টেচন অথবা বিমান বন্দৰসমূহত।

ৰাজ্যৰ ক্ষুদ্ৰ সঞ্চয়ৰ ক্ষেত্ৰখনটো মাধমাৰ পৰিছে ডাকঘৰ স্তব্ধ হৈ যোৱাত। কিয়নো দৈনিক উপাৰ্জন কৰা সকলৰ বাবে সঞ্চয়ৰ এক উপযুক্ত প্ৰতিষ্ঠান ডাকঘৰ। আয়ৰ পৰা নিতৌ দুপইচা সঞ্চয় কৰে ভৱিষ্যতৰ অভাৱ পূৰণৰ বাবে। কিন্তু কোৰানাৰ ফলত সিও এতিয়া আধৰুৱা। সঞ্চয় নিয়মীয়া কৰাটো দূৰৈৰে কথা। সাচতীয়াখিনিও এই মহাসংকটৰ সময়ছোৱাত মুকলাই আনিব নোৱাৰি একপ্ৰকাৰে মূৰে কপালে হাত দিব লগাত পৰিছে ৰাজ্যৰ লাখ লাখ জনতা। ভাৰতৰ ৭০ কোটি দৰিদ্ৰই দৈনিক জমাৰ শিতানত যদি দহ টকাকৈও জমা থয় তেনেহ'লে ডাকঘৰত প্ৰতি মাহত এই শিতানত লেনদেনেই মাহে প্ৰায় সাতশ কোটি টকা। আন জমাৰ শিতান অথবা চৰকাৰী উপভোক্তা আঁচনিৰ ধনৰ কথাতো বাদেই।

শেহতীয়াকৈ ৰাজ্যৰ ডাক বিভাগৰ এটা সঁজাতি দলে ডাক যোগে অহা এনে সামগ্ৰী তথা নথি-পত্র সমূহ তথা দেশৰ আৰ্থিক দুৰাৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাৰ মুৰব্বীসকলৰে এক আলোচনাতো মিলিত হৈছিল বুলি জানিব পৰা গৈছে। কিন্তু কোৰোনাৰ গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ডাক বিভাগৰ এই আৱেদনত অনুমতি প্ৰদাণ নকৰিলে জিলাৰ মুৰব্বী সকলে।

যাৰ বাবে বিতৰণৰ বাবে এই সামগ্ৰী সমূহকলৈ এক চিন্তিত হৈ পৰিছে ডাকঘৰৰ বিষয়া তথা সকৰ্মচাৰীসকল। যদি লকডাউনৰ পৰিপ্ৰেক্ষিত্বত বিতৰণ কৰিব নোৱাৰা গুৰুত্বপূ্‌ৰণ নথি-পত্ৰ তথা সামগ্ৰী সমূহ নষ্ট হৈ যায় তেনেহ'লে ইয়াৰ দায়িত্ব ল'ব কোনে? নিবনুৱাসকলৰ বহুআকাঙ্ক্ষীত নিয়োগপত্ৰখনো যদি আন নথিৰ লগত নষ্ট হৈ যায় বা হেৰাই যায় তেন্তে তাৰ দায়িত্ব ল'ব কোনে? দেশৰ আৰ্থিক দিশটোৰ কথাটো বাদেই দিলো। এনে পৰিপ্ৰক্ষিত্বত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in