দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত বৰপথাৰ প্ৰেছ ক্লাৱ আৰু ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ

দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত বৰপথাৰ প্ৰেছ ক্লাৱ আৰু ধনশিৰি মহকুমা সাংবাদিক সংস্থাৰ

ডিজিটেল সংবাদ, সৰুপথাৰঃ লকডাউনৰ ফলত বন্ধ হৈ পৰিছে চৰকাৰী বেচৰকাৰী উদ্যোগ প্ৰতিষ্ঠানসমূহ ৷ এনে ব্যক্তিগত উদ্যোগসমূহত দিন হাজিৰা কৰা বহু অস্হায়ী শ্ৰমীক এতিয়া কৰ্মহীন হৈ পেটত গামোচা মাৰিব লগীয়া অৱস্হাৰ সৃষ্টি হৈছে ৷

তেনে একাংশ দৰিদ্ৰ শ্ৰমিকলৈ মাজত কিছু অত্যাৱশ্যকীয় সা সামগ্ৰী বিতৰন কৰি সহায়ৰ হাত আগবঢ়াইছে ধনশিৰি মহকুমাৰ সাংবাদকৰ্মী সকলে ৷

বৰপথাৰৰ যুৱ ব্যৱসায়ী মাধুয্য শইকীয়াৰ সহযোগত ধনশিৰি মহকুমা সাংবাদিক সংস্থা আৰু বৰপথাৰ প্ৰেছ ক্লাৱে বৰপাভজান গাৱৰ Stone crusher সমূহত অস্হায়ী শ্ৰমিক হিচাপে কৰ্মৰত ৭১ টা শ্ৰমিক পৰিয়ালৰ লগতে ৪১ টা আন দৰিদ্ৰ পৰিয়াললৈ সামান্য সকাহ দিয়াৰ উদ্দেশ্যে কিছু অত্যাৱশ্যকীয় সা সামগ্ৰীৰ টোপোলা আগবঢ়ায় ৷

এই টোপোলা সমূহত আছিল চাউল, দাইল, আলু, নিমখ আদি অত্যাৱশ্যকীয় সামগ্ৰী ৷ ইতিমধ্যে মহকুমাটোৰ আৰু আন ১০০ টা দৰিদ্ৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে ধনশিৰি মহকুমা সাংবাদিক সংন্থা আৰু বৰপথাৰ প্ৰেছ ক্লাৱে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in