অসমৰ প্লাষ্টিকমুক্ত গাঁওখন

অসমৰ প্লাষ্টিকমুক্ত গাঁওখন

ডিজিটেল সংবাদ, অভয়াপুৰীঃ প্ৰদূষণমুক্ত ধৰণী গঢ়াৰ দিশত এখোজ আগবঢ়ালে অসমৰ এখন বিশেষ গাঁৱে৷ ৰাজ্য চৰকাৰৰ প্ৰদূষণমুক্ত অসম, সেউজীয়া অসম আঁচনিৰ অধীনত আজি বঙাইগাঁও জিলাৰ খগৰপুৰ প্ৰথম খণ্ড বাঘপাৰা গাঁওখনে প্ৰদূষণমুক্ত আৰু প্লাষ্টিকবৰ্জিত গাঁও হিচাপে স্বীকৃতি লাভ কৰে৷

অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ আনন্দ খাটনিয়াৰে গাঁওখনক আজি আনুষ্ঠানিকভাৱে এই স্বীকৃতি প্ৰদান কৰে। এই উপলক্ষে স্থানীয় গীৰ্জাৰ চৌহদত এখন সভাও অনুষ্ঠিত হয়৷

সভাত বঙাইগাঁৱৰ ৰাজহ চক্ৰ বিষয়া, গাঁওখনৰ গাঁওবুঢ়া আৰু বহু জ্যেষ্ঠ ব্যক্তিৰ লগতে স্থানীয় লোক উপস্থিত থাকে৷ আনহাতে সভাখনত বাঘপাৰা গাৰো কৃষ্টি দলে গাৰো কৃষ্টি প্ৰদৰ্শণ কৰে৷

স্বাভাৱিকতে অসম চৰকাৰৰ এই ঘোষণাই গাওঁখনৰ প্ৰতিজন গঞাক উৎফুল্লিত কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in