যোগী আদিত্যনাথৰ ২০০ কোটি টকীয়া ৰাজনৈতিক পাঠশালা

যোগী আদিত্যনাথৰ ২০০ কোটি টকীয়া ৰাজনৈতিক পাঠশালা

ডিজিটেল ডেস্কঃ ৰাজনীতিক লৈ মতভেদ, সংঘাত অথবা বাদজ-প্ৰতিবাদ নতুন নহয়। বহু সময়ত স্বাৰ্থাম্বেষী ৰাজনীতিয়ে বাদ-প্ৰতিবাদক গোষ্ঠী অথবা সাম্প্ৰদায়িক সংঘৰ্ষলৈকে লৈ যায়। যাৰ পৰিণতিত শাসকৰ উত্থান পতনো ঘটে।

এনে ঘটনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই সুস্থ আৰু মূল্যবোধৰ ৰাজনীতি ভেটি সুদৃহ কৰাৰ বাবে গণমুখী ৰাজনীতিৰ শিক্ষাৰে শিক্ষিত লোকৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰয়াসো বহু বিশিষ্ট লোকে দেশে দেশে বিভিন্ন সময়ত কৰি আহিছে।

ইয়াৰ বাবে সজাগতা অনুষ্ঠান, কৰ্মশালা, প্ৰশিক্ষণ আদি অনানুষ্ঠানিক পদক্ষেপক শেহতীয়াকৈ ভাৰতত এক আনুষ্ঠানিক ৰূপ দিবলৈ প্ৰয়াস কৰিছে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰে।

শেহতীয়াকৈ উত্তৰপ্ৰদেশৰ গাজিয়াবাদত গঢ়ি উঠিছে দেশৰ প্ৰথমখন ৰাজনীতি শিক্ষাৰ প্ৰতিষ্ঠান। উত্তৰপ্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰৰ তত্বাৱধানত ৰাজ্যখনৰ গাজিয়াবাদত দেশৰ প্ৰথমখন ৰাজনীতি শিক্ষাৰ প্ৰতিষ্ঠান গঢ়ি তোলাৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে।

ৰাজনীতি শিক্ষাৰ প্ৰতিষ্ঠানখন নিৰ্মাণৰ বাবদ ৰাজ্যখনৰ চৰকাৰে চৰকাৰী পুঁজিৰ পৰা ১৯৮ কোটি টকা ব্যয় কৰিব বুলিও সংকেত দিছে ৰাজ্যখনৰ মন্ত্ৰীসভাই।

ইফালে, ৰাজনীতি শিক্ষাৰ প্ৰতিষ্ঠানখন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়োৱা প্ৰস্তাবত অনুমোদন জনাইছে কেবিনেটে। প্ৰতিষ্ঠানখন গাজিয়াবাদত প্ৰায় ৬০ বিঘা ভূমি সামৰি নিৰ্মাণ কৰা হ'ব আৰু এই প্ৰতিষ্ঠানখন দেশৰ প্ৰথমখন ৰাজনীতি শিক্ষাৰ প্ৰতিষ্ঠান হিচাপেও চিহ্নিত হ'ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে উত্তৰ প্ৰদেশৰ মন্ত্ৰী সুৰেশ কুমাৰে।

আনহাতে, আগন্তক দুটা বছৰৰ ভিতৰত গাজিয়াবাদৰ ৰাজনীতি শিক্ষাৰ প্ৰতিষ্ঠানখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি শিক্ষা প্ৰদান কৰিব পৰা হ'ব বুলিও কয় মন্ত্ৰী সুৰেশ কুমাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in