বাহুবলী আৰক্ষী! সন্তান সম্ভৱা মহিলাক কান্ধত তুলি লৈ গ’ল চিকিৎসালয়লৈ

বাহুবলী আৰক্ষী! সন্তান সম্ভৱা মহিলাক কান্ধত তুলি লৈ গ’ল চিকিৎসালয়লৈ

ডিজিটেল ডেস্কঃ এনেকুৱা পুলিচ অফিচাৰক ছেল্যুট দিবলৈ মন যায়। হাজাৰত এজন হয়তো এনে আৰক্ষী বিষয়া থাকে। এই ঘটনা মথুৰাৰ। হঠাৎ মথুৰা থানাত কৰ্মৰত আৰক্ষী বিষয়া এগৰাকীয়ে দেখিছিল এই দৃশ্য। এইগৰাকী সন্তান সম্ভৱা মহিলাৰ কাষত থিয় হৈ স্বামীয়ে সহায়ৰ বাবে আহ্বান জনাইছিল।

কাৰোৱে যেন আজৰি নাছিল তেতিয়া। এই আৰক্ষী বিষয়াগৰাকীয়ে সেই দৃশ্য দেখি নিজেই আগবাঢ়ি গ'ল। এম্বুলেন্সক খবৰ দিলে ফোন কৰি । কিন্তু সময়ত আহি এম্বুলেন্স নাপালে। তাৰপাছত মহিলাগৰাকীক দাঙি লৈ গ'ল হাস্পতাললৈ। হাস্পতালত সন্মুখীন হ'ল আন এক সমস্যাৰ। প্ৰসৱ বেদনাত চটফটাই থকা মহিলাগৰাকীক নিবলৈ নাছিল ষ্টেচাৰ।

পুনৰ মহিলাগৰাকীক দাঙি লৈ গ'ল চিকিৎসালয়ৰ ভিতৰলৈ। মহিলাগৰাকীয়ে জন্ম দিলে এটা পুত্ৰ সন্তান। বৰ্তমান মাতৃ-পুত্ৰ দুয়ো সুস্থ। যিসময়ত আৰক্ষীক লৈ সদায়ে জনসাধাৰণৰ নেতিবাচক ধাৰণাই বেছি, সেই সময়ত ছুনুকুমাৰ ৰাজোৰা নামৰ এই আৰক্ষী বিষয়াগৰাকীৰ এনে সহায়ক লৈ এতিয়া দেশজুৰি চৰ্চা হৈছে। অৱশ্যে আৰক্ষী বিষয়াগৰাকীৰ মতে, এয়া তেওঁৰ দায়িত্ব, অতিৰিক্ত তেওঁ একোৱেই কৰা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in