কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ,আৰক্ষীয়ে ছত্ৰভংগ দিবলৈ নিক্ষেপ কন্দুৱা গেছ…

কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ,আৰক্ষীয়ে ছত্ৰভংগ দিবলৈ  নিক্ষেপ কন্দুৱা গেছ…

ডিজিটেল ডেস্ক : নতুন কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ দিল্লী চলো প্ৰতিবাদ কাৰ্যসূচী । কৃষকৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে হৰিয়ানা দিল্লীৰ সীমান্তবৰ্তী সিংঘু বৰ্ডাৰ । প্ৰতিবাদী কৃষক সকলক ছত্ৰভংগ দিয়াৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে ।

কৃষক সকলে নতুন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজধানী দিল্লীলৈ গৈছিল । কিন্তু আৰক্ষীয়ে বাধা দিয়ে কৃষক সকলক ।ইপিনে দিল্লীলৈ যোৱা পথ সমূহো বন্ধ কৰি দিয়া হৈছে । যাৰ ফলত চৰম অসুবিধাৰ সন্মুখীন হৈছে যাত্ৰী সকল । প্ৰতিবাদৰ বাবে দিল্লী পানীপথ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিয়া হৈছে ।

ইফালে দিল্লী গুৰুগ্ৰাম সীমাতো প্ৰতিবাদকাৰী কৃষক দিল্লীত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে প্ৰতিখন বাহন তালাচী কৰিছে। চিআইএছএফকো নিয়োগ কৰা হৈছে দিল্লী গুৰুগ্ৰাম সীমা অঞ্চলত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in