বিহপুৰীয়াত আৰক্ষীৰ জালত এজন অনলাইন হেকাৰ…

বিহপুৰীয়াত আৰক্ষীৰ জালত এজন অনলাইন হেকাৰ…

ডিজিটেল সংবাদ,বিহপুৰীয়া : আপুনি অনলাইনত ধনৰ লেনদেন কৰে নেকি ? কৰে যদি সাৱধান হওক ৷ কিয়নো আপোনাৰ অকনমাণ ভুলৰ বাবেই হেকাৰে লুট কৰিব পাৰে আপোনাৰ বেংকৰ সাচতীয়া ধন ৷দিল্লীৰ এজন ব্যক্তিয়ে লখিমপুৰ আৰক্ষীক অনলাইনত দিয়া অভিযোগৰ ভিত্তিত তদন্ত কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুটাকৈ হেকাৰ ৷

লখিমপুৰ আৰক্ষীৰ খবৰৰ ভিত্তিত বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিৰণ্য পাটৰৰ নেতৃত্বত চলা অভিযানত আটক হৈছে অনলাইনৰ জড়িয়তে ধন লুট কাৰী অন্যতম অভিযুক্ত বিহপুৰীয়াৰ ৰোহিত মিশ্ৰ ৷ দশম শ্ৰেণীলৈকে পঢ়া যুৱক জনে তিনিবছৰ পুৰ্বেও বহিঃৰাজ্যৰ এজন আই এচ বিষয়াৰ একাউণ্ট হেক কৰি কেইবালক্ষাধিক টকা লুট কৰি আৰক্ষীৰ জালত পৰিছিল ৷

উল্লেখযোগ্য যে, টুইটাৰত কাষ্টমাৰ চাপ'ৰ্ট ৰ নামত একাউণ্ট খুলি ৰোহিতে অতি কৌশলেৰে লুট কৰি আহিছে গ্ৰাহকৰ ধন ৷ অনলাইনৰ জড়িয়তে ধন প্ৰেৰণৰ সময়ত গ্ৰাহকে পোৱা অসুবিধাৰ কথা টুইটাৰৰ ভূৱা একাউণ্টৰ জড়িয়তে অৱগত কৰাৰ পাছতে অনলাইনৰ জড়িয়তে উক্ত গ্ৰাহক জনৰ ধন লুট কৰে হেকাৰ চক্ৰটোৱে ৷ লখিমপুৰ জিলা খনত ৰোহিতৰ লগতে আৰু বহুকেইটা হেকাৰে জনসাধাৰণৰ কষ্টোপাৰ্জিত ধন কৌশলেৰে আত্মসাত কৰি অহাৰ তথ্য লাভ কৰিছে লখিমপুৰ আৰক্ষীয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in