পঁইতা ভাত পালেগৈ অষ্ট্ৰেলিয়াঃ বিদেশীৰ ভূয়সী প্ৰশংসা

পঁইতা ভাত পালেগৈ অষ্ট্ৰেলিয়াঃ বিদেশীৰ ভূয়সী প্ৰশংসা

ডিজিটেল সংবাদঃ অসমীয়া সমাজৰ এক চিনাকি খাদ্য পঁইতা ভাত। এতিয়া পঁইতা ভাতৰ সময়। পথাৰৰ খাল-বিলৰ পৰা দুটা মান গৰৈ, কাৱৈ ধৰি আনি পঁইতা ভাতৰ লগত পুৰি খোৱাৰ মজাই বেলেগ। বাৰিষা পথাৰলৈ যোৱাৰ পূৰ্বে গ্ৰামাঞ্চলৰ বহুতেই আকৌ পঁইতা ভাত কেইটামানকে খাই দেহটো সৱল কৰি লয়। কোনোৱে আকৌ পুৱাৰ হাল সামৰি আহি পঁইতা ভাতেৰে উদৰ পুৰাই।

অসমীয়া সমাজ জীৱনৰ লগত বিশেষভাৱে জড়িত হৈ থকা এই পঁইতা ভাতেই যে এসময়ত বিদেশত জনপ্ৰিয়তা লাভ কৰিব সেয়া কোনোবাই কেতিয়াবা ভাবিছিলনে? কোনোবাই ভাবিছিল নে পঁইতা ভাতৰ সোৱাদ লৈ কোনো বিদেশীয়ে প্ৰশাংসাৰে উপচায় পেলাব? আপুনি-মই সেই কথা নাভাবিলেও কিন্তু সেয়াই হৈছে। পইঁতা ভাতৰ সোৱাদত মুগ্ধ হৈ পৰিছে বিদেশী লোক। অৱশ্যে বিদেশত পঁইতা ভাতে এই স্বীকৃতি লাভ কৰাত কোনো অসমীয়া লোকৰ অৱদান নাই। এয়া সম্ভৱ হৈছে এগৰাকী বাংলাদেশী লোকৰ বাবেহে।

অসমৰ দৰেই বাংলাদেশ আৰু চুবুৰীয়া ৰাজ্য পশ্চিমবংগত জনপ্ৰিয় পঁইতা ভাত। অসমৰ দৰেই এই দুই ঠাইত পঁইতা ভাতৰ আছে বিশেষ আদৰ। শহতীয়াকৈ বাংলাদেশৰ এগৰাকী মহিলাই পঁইতা ভাতক অষ্ট্ৰেলিয়াৰ এক টিভি অনুষ্ঠান "মাষ্টাৰ চেফ অষ্ট্ৰেলিয়া"ত পৰিবেশন কৰি বিচাৰকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। গুৰুত্বপূৰ্ণ কথাটো হ'ল এই পঁইতা ভাত অনুষ্ঠানটোৰ অন্তিম পৰ্যায়ত পঁইতা ভাত পৰিবেশন কৰি বিচাৰকৰ মন জয় কৰিবলৈ সক্ষম হৈছে।

বাংলাদেশৰ মূলৰ মেলবৰ্ণৰ এগৰাকী মহিলা কিশ্বৰ চৌধুৰীয়ে এই অনুষ্ঠানটোৰ অন্তিম পৰ্যায়ত পঁইতা ভাত, ভজা মাছ আৰু আলু পিটিকা তৈয়াৰ কৰি অষ্ট্ৰেলিয়াৰ অনুষ্ঠানটোত বিশেষ চৰ্চা লাভ কৰিলে। অনুষ্ঠানটোত কিশ্বৰ চৌধুৰীয়ে এই পঁইতা ভাতৰ নাম দিলে "স্ম'কড ৰাইছ ৱাটাৰ"।

মনকৰিবলগীয়া যে এই অনুষ্ঠানত পূৰ্বে এইগৰাকী বাংলাদেশীমূলৰ মহিলাই ৰান্ধিছিল খিছিৰী, বেঙেনাৰ ব্যঞ্জন। সেই ব্যঞ্জন পৰিবশন কৰিও তেওঁ প্ৰশংসা আদায় কৰিছিল। প্ৰতিযোগিতাৰ শীৰ্ষ তিনিটা স্থান অধিকাৰ কৰা কিশ্বৰ চৌধুৰীয়ে অৱশ্যে প্ৰতিযোগিতাৰ বিজয়ী হোৱাৰ গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম নহ'ল। তথাপিও থলুৱা খাদ্যক এইদৰে বিদেশৰ অনুষ্ঠানত পৰিবেশন কৰি শীৰ্ষ পৰ্যায়লৈ উন্নিত হোৱা কাৰ্যই স্বাভাৱিকতে আশাৰ বাৰ্তা কঢ়িয়াই আনিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই থলুৱা খাদ্যই মানুহৰ দেহৰ কোনো ক্ষতি নকৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in