পবিতৰাৰ পৰা মানাহলৈ স্থানান্তৰ দুটা গঁড়…

পবিতৰাৰ পৰা মানাহলৈ স্থানান্তৰ  দুটা গঁড়…

ডিজিটেল সংবাদ, মায়ংঃ ইণ্ডিয়ান ৰাইন ভিজন ২০২০ আঁচনিৰ অধীনত সোমবাৰে পবিতৰা অভয়াৰণ্যৰ পৰা পুনৰ দুটা গঁড় স্থানান্তৰ কৰা হয় মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ। অসম চৰকাৰৰ বন বিভাগ, ডব্লিউ ডব্লিউ এফ, বিটিচি প্ৰশাসন আৰু আন কেইবাটাও প্ৰকৃতিপ্ৰেমী সংগঠনৰ সহযোগত কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে পবিতৰা অভয়াৰণ্যৰ পৰা বিয়লিৰ ভাগত এশিঙীয়া মতা আৰু মাইকী গঁড় দুটা মানাহ ৰাষ্ট্ৰীয় উদ্যান লৈ লৈ যোৱা হয় ।

ইণ্ডিয়ান ৰাইন ভিজনৰ মূল লক্ষ্য আছিল ২০২০ চনৰ ভিতৰত ৩০০০ টালৈ গঁড় বৃদ্ধি কৰাৰ এক ইতিবাচক পৰিকল্পনা। এই পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল ২০০৫ চনতে। সেই অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা অভয়াৰণ্যৰ পৰা মানাহ লৈ গঁড় স্থানান্তৰ কৰা হয় ২০০৮ চনৰ পৰা। বৰ্তমান লৈ পবিতৰাৰ পৰা মুঠ ১২টা কৈ গঁড় স্থানান্তৰ কৰা হয়।

মানাহ অভয়াৰণ্যত যিহেতু গঁড়ৰ মুক্ত বিচৰণ এটা সময়ত বিভিন্ন কাৰণত এক প্ৰকাৰ নোহোৱা হৈ পৰিছিল , সেয়ে মানাহ লৈ গঁড় স্থানান্তৰ কৰি বংশ বৃদ্ধি কৰাৰ এক দীৰ্ঘম্যাদী পৰিকল্পনা হাতত লোৱা হৈছিল ইণ্ডিয়ান ৰাইন ভিজনৰ অধীনত। শেহতীয়া কৈ কাজিৰঙাৰ পৰা ৩ টা আৰু সোমবাৰে পবিতৰাৰ পৰা লৈ যোৱা দুটা গঁড়ৰ সতে বৰ্তমান লৈ মুঠ ৫০ টা গঁড়ৰ বিচৰণ ভূমি হৈ পৰিল মানাহ অভয়াৰণ্য।

উল্লেখযোগ্য যে, সোমবাৰে গঁড় স্থানান্তৰ কৰাৰ সময়ত বন বিভাগৰ ভালে কেইগৰাকী উচ্চ পৰ্যায়ৰ বিষয়া উপস্থিত থাকে।আজিৰ অভিযানত পশুপালন বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ কে কে শৰ্মাৰ নেতৃত্বত ট্ৰেংকুলাইজাৰ কৰি গঁড় দুটা পৃথক পৃথক স্থানত অচেতন কৰা হয়। নিৰ্দিষ্ট সময়ৰ ভিতৰত লোহা আৰু কাঠেৰে নিৰ্মিত বৃহৎ আকাৰৰ দুটা বাকচত ভৰাই দিয়াৰ পিছতেই ক্ৰেং আৰু এক্সকেভেটৰৰ সহায় লৈ পাঞ্জাৱ বডী ট্ৰাকত গঁড় থকা বাকচ দুটা উঠোৱা হয়।

ডব্লিউ ডব্লিউ এফ আৰু বন বিভাগে সকলো কামৰ তদাৰক কৰে।আজি পুৱা ডোকমোকালিতে পবিতৰা অভয়াৰণ্যৰ বিক্ৰম,পবন,শংকৰ,উদয় নামৰ হাতী কেইটা লৈ প্ৰথমে প্ৰৱেশ কৰে এই অভিযানত অংশগ্ৰহণ কৰা দুটা দল। প্ৰথমটো দলে গঁড়ৰ বিচৰণ আৰু ,মতা মাইকী নিৰীক্ষণ কৰে আৰু আনটো দলে কিছু সময় পিছতে ট্ৰেংকুলাইজাৰ কৰাৰ দায়িত্ব পালন কৰে।

প্ৰথমটো গঁড় অভয়াৰণ্য খনৰ পিপল আতিত আৰু দুই ঘণ্টা পিছত আনটো গঁড় তামূলী দোভা এলেকাত ট্ৰেংকোলাইজাৰ কৰি অচেতন কৰা হয়। লগে লগেই চিকিৎসকৰ দলে যাবতীয় কাম খিনি সমাধা কৰি গঁড় দুয়োটা ট্ৰাকত ভৰাই দিয়াৰ ব্যৱস্থা কৰে।বন বিভাগে ট্ৰাক, ক্ৰেং, এক্সকেভেটৰ আৰু যাবতীয় সকলো সা-সঁজুলি দেওবাৰৰে পৰা সাজু কৰি ৰাখিছিল হাতী কেম্পৰ কাষত ।দিনৰ ১১ বজাত এই অভিযানৰ সামৰণি পৰে যদিও বিয়লি ২ মান বজাত অভয়াৰণ্যৰ ভিতৰৰ পৰা ট্ৰাক দুখন আগুৱাই কুছিয়ানি বন শিবিৰৰ কাষেদি গৈ ৰাজ্যিক ঘাই পথত উঠাৰ পিছতেই মানাহ অভিমুখে ৰাওনা হয় ।

সোমবাৰৰ এই অভিযানত উপস্থিত থাকে বন প্ৰধান মুখ্য বন সংগ্ৰক্ষক এম কে যাদৱ, মুখ্য বন সংৰক্ষক উৎপল বৰা, পবিতৰা ৰ ডিএফঅ জয়ন্ত ডেকা, বন্যপ্ৰাণী বিভাগৰ উপদেষ্টা বিষয়া দিব্যধৰ গগৈ, বন বিষয়া মুকুল তামুলী, বাংকিম শৰ্মা, নয়ন জ্যোতি দাস, চফীয়ুৰ ৰহমানকে ধৰি ভালে কেইগৰাকী বিষয়া।লগতে ডব্লিউ ডব্লিউ এফ, আৰণ্যকৰ কৰ্মকৰ্তা সকল আৰু আৰক্ষী প্ৰশাসনৰ লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in