নিৰ্বাচনৰ প্ৰাকক্ষণত চৰকাৰী ৱেবছাইটৰ পৰা আঁতৰালে প্ৰধানমন্ত্ৰীৰ ফটো!

নিৰ্বাচনৰ প্ৰাকক্ষণত চৰকাৰী ৱেবছাইটৰ পৰা আঁতৰালে প্ৰধানমন্ত্ৰীৰ ফটো!

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে কেন্দ্ৰ চৰকাৰৰ ৱেবছাইটৰ পৰা প্ৰধানমন্ত্ৰী মোডী সহ অন্য বহু কেইজন কেন্দ্ৰীয় মন্ত্ৰীৰ ফটো আঁতৰাই দিছে। নিৰ্বাচনী আচৰণবিধি জাৰি কৰাৰ বাবে আতৰোৱা হৈছে তেওঁলোকৰ ফটো। ইফালে, আৰু বহু মন্ত্ৰীৰ ফটো কেন্দ্ৰ চৰকাৰৰ ৱেবছাইটবোৰৰ পৰা আঁতৰোৱা হ'ব বুলি জানিব পৰা গৈছে।

নিৰ্বাচনী আচৰণবিধি অনুসৰি, কেন্দ্ৰ বা ৰাজ্যত শাসন থকা দলবোৰে এয়া নিশ্চিত কৰিব লাগিব যে, নিৰ্বাচনী প্ৰচাৰ বাবে তেওঁলোক নিজৰ অধিকাৰৰ ব্যৱহাৰ কৰা নাই। অৰ্থাৎ কেন্দ্ৰ আৰু ৰাজ্যত শাসনত থকা দলবোৰৰ কোনো মন্ত্ৰীয়ে অথবা অন্য চৰকাৰী সংস্থাই কোনো ধৰণৰ বিত্তীয় সাহায্যৰ ঘোষণা কৰিব নোৱাৰিব। লগতে কোনো ধৰণৰ আঁচনিৰো ঘোষণা কৰিব নোৱাৰিব। যাতে তাৰ দ্বাৰা শাসনত থকা দলক ৰাইজে ভোট দিবলৈ আগ্ৰহী নহওঁক।

কেবিনেট সচিব আৰু ৰাজ্যৰ মুখ্য সচিবক লিখিতভাৱে নিৰ্বাচনী আয়োগে এয়া সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে যে- কেন্দ্ৰীয় চৰকাৰৰ ৱেবছাইটসমূহৰ পৰা শাসনত থকা চৰকাৰৰ এই মন্ত্ৰীসকলৰ ফটো আঁতৰোৱা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in