২জুনতে ৫জুনৰ চহী কৰা দেখুৱাই গড়কাপ্তানী বিভাগৰ মুখ্য অভিযন্তাই দিলে কামৰ আৱন্টন…

২জুনতে ৫জুনৰ চহী কৰা দেখুৱাই গড়কাপ্তানী বিভাগৰ মুখ্য অভিযন্তাই দিলে কামৰ আৱন্টন…

ডিজিটেল ডেস্কঃ কি স্তৰত দুৰ্নীতি আৰু অনিয়ম সংঘটিত হৈ আছে সেয়া চাওক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। চানমাৰীত থকা গড়কাপ্তানী বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ পৰা ঠিকাৰ আৱন্টনৰ এখন নিৰ্দেশ পত্ৰ দেখিলে চকু কপালত উঠিব।

মুখ্য অভিযন্তাগৰাকীয়ে স্বাক্ষৰ কৰা এই পত্ৰত লেচাকোনা চুবাৰ পৰা পৰা কেন্দুকণা হৈ হাৰাৰালৈ পথ নিৰ্মাণৰ এক ঠিকা দিয়া হৈছে শ্যামল দাস নামৰ এজন ঠিকাদাৰক। প্ৰায় ২কোটি ৪৬লাখ টকাৰ এই ঠিকাৰ নিৰ্দেশ দিয়া হৈছে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত।

এই নিৰ্দেশ পত্ৰত কিন্তু চহী কৰিছে ৫/৬/২০২০বুলি অথাত ২জুনতেই সেই ঠিকা আৱন্টন দি ৫জুনত চহী কৰা দেখুৱাইছে এইগৰাকী মুখ্য অভিযন্তাই। ইয়াৰ আঁৰৰ ৰহস্য কি, সেয়া বিভাগীয় ঠিকা-কৰ্মচাৰীৰ মাজতেই আজি চৰ্চিত হৈছে । এনেদৰেই চলিছে এতিয়া ৰাজ্যৰ প্ৰশাসন। বিষয়া-মন্ত্ৰীয়ে এইদৰে খেয়াল খুচীমতে সকলো নিয়ম ভৰিৰে মোহাৰি অব্যাহত ৰাখিছে লুন্ঠন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in