কোৰোনাৰ আতংকৰ মাজতে ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ দ্বি-পাক্ষিক অনলাইন সন্মিলন…

কোৰোনাৰ আতংকৰ মাজতে ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ দ্বি-পাক্ষিক অনলাইন সন্মিলন…

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বজুৰি কোৰোনা ভাইৰাছৰ শংকাৰ মাজতে বৃহস্পতিবাৰে ভিডিঅ' কনফাৰেন্সযোগে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ'ল প্ৰথমখন ভাৰ্চুৱেল সন্মিলন। এই সন্মিলনত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশ লয়। দুয়ো দেশৰ মাজত দ্বি-পাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত দুয়োগৰাকী ৰাষ্ট্ৰনেতাই সহমত পোষণ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতে কোৰোনা ভাইৰাছৰ ফলত সৃষ্টি হোৱা পৰিৱেশক এটা সুযোগ হিচাপে গ্ৰহণ কৰা বুলি উল্লেখ কৰে। তেওঁ কয়, ভাৰতৰ প্ৰতিটো এলেকাতে কোৰোনা ভাইৰাছৰ এই সময়চোৱা সৰ্বতোপ্ৰকাৰে আগবাঢ়ি যোৱাৰ এক সময় হিচাপে বিবেচিত হৈছে। এই সমগ্ৰ প্ৰক্ৰিয়া অতি কম সময়ৰ ভিতৰতে প্ৰতিজন লোকৰে দৃষ্টিগোচৰ হ'ব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ সম্পৰ্ক সুন্দৰ হোৱাটো সমগ্ৰ বিশ্বৰ বাবেই প্ৰয়োজন বুলি মন্তব্য কৰে। ইফালে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনেও নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জ্ঞাপন কৰি জি-২০ সন্মিলনৰ জৰিয়তে সমগ্ৰ বিশ্বৰ লগতে স্থাপন কৰা সম্পৰ্কৰ প্ৰশংসা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in