শেহতীয়া খবৰ
নাৰায়ণপুৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাওনা সমাৰোহ-২০২১ : স্মৃতিগ্ৰন্থ ৰূপ ৰস ৰংগ উন্মোচন...  •  মাজুলী বনগাৱত ভয়ংকৰ অগ্নিকাণ্ড...  •  মই টিকেট নোপোৱা কোনো কাৰণ নাই : ৰামকান্ত দেউৰী  •  বকোৰ শিঙুৱা জলসিঞ্চন প্ৰকল্পৰ কেনেলত মৃতদেহ উদ্ধাৰ...  •  হোজাই জিলাৰ তিনিটা সমষ্টিত ১২৫ টা জটিল ভোটকেন্দ্ৰ : অৰ্ধ সামৰিক বাহিনীৰ ৩০ কোম্পানী নিয়োগ...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  শীঘ্ৰে আৰম্ভ হ'ব স্তব্ধ ইণ্ডো- নগা ৰাজনৈতিক আলোচনা...  •  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গ্ৰহণ কৰিলে কোভিড ভেকচিন...  •  দিল্লীত আসন বুজাবুজি চূড়ান্ত : সংবাদমেলত ঘোষণা কৰিব মিত্ৰ দলক কিমান আসন এৰি দিলে বিজেপিয়ে...

কলকাতালৈ অহাটো মোৰ বাবে এক আৱেগিক ক্ষণঃ প্রধানমন্ত্ৰী মোডী…

2,085

ডিজিটেল ডেস্কঃ নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী অৰ্থাৎ পৰাক্ৰম দিৱস শনিবাৰে সমগ্ৰ দেশজুৰি উদযাপন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কলকাতাত এই দিৱসত অংশগ্ৰহণ কৰে। কলকাতাত উপস্থিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰথমে উপস্থিত হয় নেতাজী ভৱনত। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰায় ১৫ মিনিট সময় তাত কটায়।

তাৰপাছত প্ৰধানমন্ত্ৰী মোডীয়ে নেশ্যনেল লাইব্ৰেৰীৰ এটা সংগ্ৰহালয় উদ্বোধন কৰে। ভিক্টোৰীয়া মেম’ৰিয়েলত আয়োজিত মুখ্য কাৰ্যসূচীত অংশ লৈ তেওঁ কয় যে আজি কলকাতালৈ অহাটো মোৰ বাবে অতি আৱেগিক কৰা এক ক্ষণ। শৈশৱত মই যেতিয়াই নেতাজী সুভাষ চন্দ্ৰ বসুৰ নাম শুনো, তেতিয়াই এক নতুন শক্তি লাভ কৰো।

লগতে তেওঁ কয়- ‘আজিৰ দিনটোতে ভাৰতত এই বীৰ সন্তানে জন্মগ্ৰহণ কৰিছিল। তেওঁ স্বাধীন ভাৰতৰ সপোনক এক নতুন দিশ দিছিল। আজিৰ দিনটোতে গোলামীৰ আন্ধাৰত এই চেতনা ফুটি উঠিছিল, যিয়ে পৃথিৱীৰ আটাইতকৈ শক্তিশালী শাসকৰ সন্মুখত থিয় হৈ কৈছিল মই স্বাধীনতা বিচৰা নাই, কাঢ়ি ল’ম।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি