কোন এই ৰজা মহেন্দ্ৰ প্ৰতাপ সিং? কিয় তেওঁৰ নামৰ বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে…

কোন এই ৰজা মহেন্দ্ৰ প্ৰতাপ সিং? কিয় তেওঁৰ নামৰ বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে…

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে আলিগড় ভ্ৰমণ কৰি ৰাজা মহেন্দ্ৰ প্ৰতাপ সিং বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে এইদৰে উত্তৰ প্ৰদেশ ভ্ৰমণ কৰি ৰজা মহেন্দ্ৰ প্ৰতাপ সিং বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা বিষয়টো চৰ্চিত হৈছে। সকলোৰে মাজত কৌতুহলৰ সৃষ্টি হৈছে ৰজা মহেন্দ্ৰ প্ৰতাপ সিং কোন আছিল? কিয় তেওঁৰ নামত বিশ্ববিদ্যালয়খন নিৰ্মাণ কৰা হৈছে?

ৰাজা মহেন্দ্ৰ প্ৰতাপ সিং আছিল এজন স্বাধীনতা সংগ্ৰামী। ইয়াৰোপৰি তেওঁ আছিল এজন সাংবাদিক, লেখক৷ উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰে ২০১৯ চনতে মহেন্দ্ৰ প্ৰতাপ সিঙৰ নামত আলিগড়ত এখন বিশ্ববিদ্যালয় খোলাৰ কথা ঘোষণা কৰিছিল৷ সেই ঘোষণাকে বাস্তৱ ৰূপ দিবলৈ মঙ্গলবাৰে আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে।

ৰজা মহেন্দ্ৰ প্ৰতাপে স্বাধীনতা আন্দোলনত যোগদান কৰিছিল। প্ৰথম বিশ্বযুদ্ধৰ সময়ত মহেন্দ্ৰ প্ৰতাপে কাবুলত ভাৰতৰ প্ৰথম নিৰ্বাসিত অন্তৱৰ্তীকালীন চৰকাৰ ঘোষণা কৰিছিল আৰু নিজকে ইয়াৰ সভাপতি ঘোষণা কৰিছিল, ৱিকিপিডিয়াৰ মতে তেওঁ স্বাধীন ভাৰতৰ অন্যতম বৃহৎ সমাজ সংস্কাৰক আছিল। ৰাজা মহেন্দ্ৰ প্ৰতাপে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ দৰে কেইবাটাও প্ৰতিষ্ঠানক ভূমি দান কৰিছিল।

কিন্তু ভাৰতীয় ইতিহাসত, তেওঁ কেতিয়াও তেওঁৰ প্ৰাপ্য খ্যাতি বা সন্মান লাভ কৰা নাই। পশ্চিম উত্তৰ প্ৰদেশত বৃহৎ ভূমিকা পালন কৰা জাট নেতাজনৰ নামত বিজেপিয়ে বিশ্ববিদ্যালয়ৰ জৰিয়তে সম্প্ৰদায়টোৰ ভোট বেংকৰ ওপৰত চকু ৰাখিছে বুলিও কোৱা হৈছে। কৃষক আন্দোলনৰ পৰিপ্ৰেক্ষিতত, উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন ২০২২ত এইবাৰ পশ্চিম উত্তৰ প্ৰদেশত বিজেপিয়ে এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সাজু হৈছে।

ৰজা মহেন্দ্ৰ প্ৰতাপ সিং পশ্চিম উত্তৰ প্ৰদেশৰ হাতৰাছ জিলাৰ মুৰ্চান ৰাজকীয় ৰাজ্যৰ ৰজা আছিল। মহেন্দ্ৰ প্ৰতাপ সিং শিক্ষিত আছিল আৰু ষ্টেৰিওটাইপ আৰু পৰম্পৰাক অতিক্ৰম কৰি সামাজ সংস্কাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সমান্তৰালকৈ তেওঁ এজন লেখক আৰু সাংবাদিকৰ ভূমিকাও পালন কৰিছিল।ৰজা মহেন্দ্ৰ প্ৰতাপে ১৯১১ চনৰ বলকান যুদ্ধত লণ্ডনৰ হৈ অংশগ্ৰহণো কৰিছিল।

প্ৰথম বিশ্বযুদ্ধৰ সময়ত, ১৯১৫ চনৰ ডিচেম্বৰত, আফগানিস্তানত ভাৰতৰ প্ৰথম নিৰ্বাসিত চৰকাৰ ঘোষণা কৰা হৈছিল আৰু ব্ৰিটিছসকলক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনোৱা হৈছিল। ভাৰতৰ বাহিৰত তিনি দশকৰো অধিক সময় অতিবাহিত কৰাৰ পিছত, মহেন্দ্ৰ প্ৰতাপে দেশৰ স্বাধীনতাৰ বাবে অক্লান্ত যুঁজ দিছিল। তেওঁ জাৰ্মানী, ৰাছিয়া আৰু জাপানৰ দৰে দেশৰ সৈতে চুক্তিবদ্ধ হৈ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে স্বাধীনতাৰ কাঢ়ি আনিবলৈ চেষ্টা কৰিছিল, কিন্তু বিশেষ সফলতা লাভ নকৰিলে।

ৰজা মহেন্দ্ৰ প্ৰতাপ ১৯৪৬ চনত ভাৰতলৈ উভতি আহিছিল আৰু প্ৰথমে মহাত্মা গান্ধীক লগ কৰিবলৈ ৱাৰ্ধাত উপস্থিত হৈছিল। মহেন্দ্ৰ প্ৰতাপে ১৯৫৭ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনত মথুৰাৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বৃহৎ বিজয় লাভ কৰিছিল৷১৯৭৯ চনৰ এপ্ৰিল মাহত তেওঁৰ মৃত্যু হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in