চৰকাৰে ৰাতিটোৰ ভিতৰতে ‘কা’ অনা নাই, সেই কথা শিক্ষাৰ্থীসকলে বুজেঃ স্বামী বিবেকানন্দৰ জন্ম জয়ন্তীৰ অনুষ্ঠানতো প্ৰধানমন্ত্ৰীৰ মুখত ওলাল ‘কা’ৰ কথা…

চৰকাৰে ৰাতিটোৰ ভিতৰতে ‘কা’ অনা নাই, সেই কথা শিক্ষাৰ্থীসকলে বুজেঃ স্বামী বিবেকানন্দৰ জন্ম জয়ন্তীৰ অনুষ্ঠানতো প্ৰধানমন্ত্ৰীৰ মুখত ওলাল ‘কা’ৰ কথা…

ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে পশ্চিম বংগত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দেওবাৰে ৰাজ্যখনত দ্বিতীয় দিন। শনিবাৰে তেওঁ কেইবাখনো অনুষ্ঠানত অংশ গ্ৰহণৰ পিছত সন্ধিয়া হাওৰাস্থিত বেলুড় মঠত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। তাতেই তেওঁ নিশা যাপন কৰে আন্তৰাষ্ট্ৰীয় অতিথি শালাত।

দেওবাৰে পুৱা তেওঁ প্ৰথমে পূজা অৰ্চনা কৰাৰ পিছত বেলুড় মঠৰ সন্ত আৰু সন্যাসীসকলক সাক্ষাৎ কৰে। তাৰ পিছতে তেওঁ অংশ লয় মঠৰ প্ৰাৰ্থনাত। প্ৰাৰ্থনা সম্পন্ন কৰি তেওঁ স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী উপলক্ষ্যে আয়োজিত জাতীয় যুৱ দিৱসত অংশ লয় আৰু স্বামী বিবেকানন্দৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে।

জাতীয় যুৱ দিৱসত অংশ লৈ প্ৰধানমন্ত্ৰী মোডীয়ে ভাষণত যুৱ প্ৰজন্মৰ ওপৰত থকা স্বামী বিবেকানন্দৰ চিন্তা আৰু আদৰ্শৰ প্ৰভাৱ সম্পৰ্কে মন্তব্য কৰে। লগতে তেওঁ কিয় বাৰে বাৰে বেলুড় মঠলৈ আহিব ইচ্ছা কৰে, সেই কথাও কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। স্বামী বিবেকানন্দৰ আদৰ্শ আৰু চিন্তাক সৰোগত কৰি যুৱ প্ৰজন্মক সঠিক বাটেৰে আগবাঢ়িবলৈ আহ্বান জনায় মোডীয়ে।

ইফালে ভাষণৰ মাজত দেওবাৰেও প্ৰধানমন্ত্ৰীয়ে নাপাহৰিলে নাগৰিকত্ব সংশোধনী আইনক লৈ মন্তব্য কৰিবলৈ। নাম উল্লেখ নকৰাকৈয়ে ভাষণত তেওঁৰ লক্ষ্য হৈ পৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী তথা বিৰোধী শিৱিৰ। নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনত তেওঁ কয়, 'কা' নাগৰিকত্ব কাঢ়ি অনাৰ উদ্দেশ্য নহয়, নাগৰিকত্ব প্ৰদানৰ বাবেহে।'

বিৰোধীক আক্ৰমণ কৰি মোডীয়ে ভাষণত শিক্ষাৰ্থীসকলক উদ্দেশ্যি কয়, 'যিটো বিষয় শিক্ষাৰ্থীৰ পৰা যুৱ প্ৰজন্মলৈ সকলোৱে বুজি পাইছে, সেই বিষয়টো বহু ৰাজনৈতিক নেতাই বুজি পোৱা নাই। বহুতে 'কা'ক লৈ সংখ্যালঘুৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। যুৱ প্ৰজন্মই এখন সুস্থ ভাৰত নিৰ্মাণৰ শক্তি। তেনে ক্ষেত্ৰত একাংশই এই শক্তিক বিপথে পৰিচালিত কৰিব বিচাৰিছে।' তেওঁ পুনৰ কয়, 'চৰকাৰে ৰাতিটোৰ ভিতৰতে নাগৰিকত্ব সংশোধনী আইন অনা নাই। সেই কথা বিদ্যাৰ্থীসকলে বুজি পাইছে, কিন্তু ৰাজনৈতিক নেতা, কৰ্মীসকলেহে বুজিব নিবিচাৰে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in