আহমেদাবাদত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক আদৰণি জনাই কি ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…

আহমেদাবাদত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক আদৰণি জনাই কি ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…

ডিজিটেল ডেস্কঃ সোমবাৰে ভাৰত ভ্ৰমণৰ উদ্দেশ্যৰে আহমেদাবাদত উপস্থিত হোৱা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক আন প্ৰান্তৰ সমান্তৰালকৈ মোটেৰা ষ্টেডিয়ামতো আদৰণি জনালে প্ৰধানমন্ত্ৰী মোডীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আদৰণি ভাষণত ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ কথা কয়। তেওঁ কয়, ভাৰত-আমেৰিকাৰ সম্পৰ্ক মাত্ৰ এটা সাধাৰণ সম্পৰ্কই হৈ থকা নাই, অধিক অংশীদাৰিত্বৰ দিশে আগবাঢ়িছে দুয়োখন দেশৰ সম্পৰ্ক।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আজি আমি ইতিহাসৰ পুনৰাবিত্তী হোৱা দেখিবলৈ পাইছো। ৫ মাহ পূৰ্বে মই হাউডী মোডী অনুষ্ঠানৰ দ্বাৰা আমেৰিকাত উপস্থিত হৈছিলো। মই হাউডী মোডী অনুষ্ঠানৰ দ্বাৰা মোৰ আমেৰিকাৰ ভ্ৰমণ আৰম্ভ কৰিছিলো। আজি মোৰ বন্ধু ৰাষ্ট্ৰপতি ট্ৰাম্পে আহমেদাবাদত নমস্তে ট্ৰাম্পৰ দ্বাৰা ভাৰত ভ্ৰমণৰ আৰম্ভ কৰিলে।

ভাৰত-আমেৰিকাৰ সম্পৰ্কত মোডীয়ে কয়, দুয়োখন দেশৰ সম্পৰ্ক অধিক সূদৃঢ় হৈছে। এখন দেশে 'মুক্তিৰ ভূমি' আৰু আনখনে 'সমগ্ৰ বিশ্বকে এটা পৰিয়াল' বুলি বিশ্বাস কৰে। এখন দেশে 'ষ্টেচ্যু অৱ লিবাৰ্টি'ক লৈ আৰু আনখনে 'ষ্টেচ্যু অৱ ইউনিটিক' লৈ গৌৰৱ কৰে।

উল্লেখ্য যে, সোমবাৰে পুৱাৰ ভাগত আহমেদাবাদ আহি উপস্থিত হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প তথা তেওঁৰ পৰিয়ালৰ আন সদস্যৰ লগতে ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্প। তেওঁলোক আহমেদাবাদত উপস্থিত হোৱাৰ পিছতে যায় সবৰমতি আশ্ৰমলৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in