কোৰোনাৰ ভেকচিনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ ৩ খন চহৰলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

কোৰোনাৰ ভেকচিনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ ৩ খন চহৰলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…

ডিজিটেল ডেস্ক : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কোৰোনাৰ ভেকচিনৰ সৈতে সম্পৰ্কিত কামৰ পৰ্যালোচনা কৰিবলৈ পুনে, আহমেদাবাদ আৰু হায়দৰাবাদলৈ যাত্ৰা কৰিব । গুজৰাটৰ উপ মুখ্যমন্ত্ৰী নিতিন পেটেলে জানিব দিয়া অনুসৰি মোদীয়ে অহমদাবাদৰ ওচৰৰ এক মুখ্য ফাৰ্মাচিউটিকেল কোম্পানী জাইডছ কেডিলা পৰিদৰ্শন কৰি তাত প্ৰস্তুত হৈ থকা কোভিড-১৯ ভেকছিনৰ বিষয়ে পৰ্যালোচনা কৰিব।

'জাইডাছ কেডিলা' চাংগোদাৰ ঔদ্যোগিক অঞ্চলত অৱস্থিত। ঔষধ নিৰ্মাণ কাৰী কোম্পানীটোৱে আগতে ঘোষণা কৰিছিল যে কোভিড-১৯ ভেকছিনৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ সম্পূৰ্ণ হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা আগষ্টত আৰম্ভ কৰা হৈছিল।

তাৰ পিছতে মোদীয়ে পুনে ৰ চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া (এছআইআই)পৰিদৰ্শন কৰিব, তাত প্ৰস্তুত হৈ থকা কোভিড-১৯ প্ৰতিষেধক নিৰ্মানৰ বাবে চেৰামে এষ্ট্ৰেজেনেকা আৰু অস্কফ'ৰ্ড বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি হৈছিল । এই ভেকচিত সম্পৰ্কিত বিষয় সমূহ পৰ্যালোচনাৰ কাৰনে তাত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোডী ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in