বুধবাৰে দুপৰীয়া ১২বাজি ৪৪মিনিট ৮চেকেণ্ডত দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলালে প্ৰধানমন্ত্ৰী মোডীয়ে…PHOTOS

বুধবাৰে দুপৰীয়া ১২বাজি ৪৪মিনিট ৮চেকেণ্ডত দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলালে প্ৰধানমন্ত্ৰী মোডীয়ে…PHOTOS

ডিজিটেল ডেস্কঃ এক দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই ৬টুকুৰা ৰুপৰ ইটাৰে বুধবাৰে স্থাপন কৰা হল ৰাম মন্দিৰৰ আধাৰশিলা। কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ মাজতে কিছু সাৱধানতা অৱলম্বন কৰি বুধবাৰে পুৱাৰে পৰা অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ স্থলীত সমাগম ঘটিল সাধু-সন্তৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

ৰাম মন্দিৰৰ এই আধাৰশিলা স্থাপন কাৰ্যসূচীৰ মুখ্য মানুহজনেই আছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বুধবাৰে পুৱা ৯ বাজি ৩৫মিনিটত দিল্লীৰ পৰা অযোধ্যাৰ অভিমুখে ৰাওনা হৈছিল প্ৰধানমন্ত্ৰী গৰাকী। তাৰপৰা তেওঁ লক্ষ্ণৌত উপস্থিত হৈছিল আৰু লক্ষ্ণৌৰ পৰা হেলিকপ্টাৰেৰে উপস্থিত হৈছিলগৈ অযোধ্যাত।

১১বাজি ৩৫মিনিটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হৈছিলগৈ অযোধ্যাত। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে তেওঁক স্বাগতম জনালে আৰু গাড়ীত উঠি প্ৰধানমন্ত্ৰী পোনে পোনে উপস্থিত হৈছিলগৈ হনুমান মন্দিৰত।

অযোধ্যাত উপস্থিত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে হনুমান মন্দিৰত পূজা-অৰ্চনা কৰে।

হনুমান মন্দিৰত মোডীয়ে পুজাৰীসকলক অংগ বস্ত্ৰ উপহাৰ হিচাপে প্ৰদান কৰে আৰু প্ৰধানমন্ত্ৰীক পূজাৰীসকলে পৰিধান কৰায় মুকুট।

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী ৰাম মন্দিৰত উপস্থিত হৈয়ে সাষ্টাংগে সেৱা লয়।

শিশু ৰামক দৰ্শন কৰি প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰে পূজা-অৰ্চনা।

ইয়াৰ পাছতে ৰাম মন্দিৰৰ ভূমিপূজনৰ কাৰ্যক্ৰম আৰম্ভ হয়। এই পূজাত অংশ লয় আৰ এছ এছ প্ৰধান মোহন ভাগৱত, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, ৰাজ্যপাল আনন্দীবেন পেটেল।

পূজাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে ১২বাজি ৪৪মিনিট ৮চেকেণ্ডত স্থাপন কৰে আধাৰশিলা।

আধাৰশিলা স্থাপনৰ পাছতে প্ৰধানমন্ত্ৰীয়ে আধাৰশিলাৰ স্মাৰক উদ্বোধন কৰাৰ লগতে স্মাৰক ডাক টিকট মুকলি কৰে।

সকলো সমাপন হোৱাৰ পাছত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰে আৰু প্ৰথমেই কয়, আজি সমগ্ৰ দেশ হৈ পৰিল ৰামময়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in