অৰুণাচল প্ৰদেশ আৰু মিজোৰামলৈ শুভেচ্ছা বাৰ্তা প্ৰধানমন্ত্ৰীৰ…

অৰুণাচল প্ৰদেশ আৰু মিজোৰামলৈ শুভেচ্ছা বাৰ্তা প্ৰধানমন্ত্ৰীৰ…

ডিজিটেল ডেস্কঃ শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ জনসাধাৰণক তেওঁলোকৰ সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰশংসা কৰি ৰাজ্যত্ব প্ৰাপ্তি দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।উল্লেখ্য যে উত্তৰ পূৱৰ এই দুয়োখন ৰাজ্যক ১৯৮৭ চনত ২০ ফেব্ৰুৱাৰীত ৰাজ্য হিচাপে স্বীকৃতি দিয়া হৈছিল।

ৰাজ্যত্ব প্ৰাপ্তি দিৱসৰ উপলক্ষে তেওঁ টুইটাৰযোগে ৰাজ্য দুখনে অভিনন্দন জনাই ৰাজ্য দুখন কৃষ্টি সংস্কৃতিৰ উচ্চ প্ৰসংশা কৰে। অৰুণাচল প্ৰদেশে প্ৰগতিৰ নতুন দিগন্ত সূচনা কৰিব বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

মিজোৰামৰ লোক সকলকো টুইটাৰযোগে তেওঁ ভাই ভনী বুলি সম্বোধন কৰি তেওঁলোকৰ ৰাজ্যত্ব প্ৰাপ্তি দিৱসৰ শুভেচ্ছা জনায়। তেওঁ মন্তব্য কৰে, সমগ্ৰ দেশ মিজোৰামৰ সংস্কৃতিৰ বাবে গৌৰৱান্বিত। মিজোৰামৰ লোকসকল প্ৰকৃতিৰ সৈতে সমিল মিলে বাস কৰে বুলি মন্তব্য কৰি তেওঁলোকক দয়াৰ প্ৰতীক বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। ইয়াৰ লগতে প্ৰধানমন্ত্ৰী জনে ৰাজ্য খনৰ নিৰন্তৰ প্ৰগতিৰ বাবেও প্ৰাৰ্থনা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in