দেশবাসীয়ে নাকচ কৰা সকলেই ‘কা’ক লৈ বিয়পাইছে মিছা খবৰঃ মোডী…

দেশবাসীয়ে নাকচ কৰা সকলেই ‘কা’ক লৈ বিয়পাইছে মিছা খবৰঃ মোডী…

ডিজিটেল ডেস্কঃ 'কা'ক লৈ দেশত যিসকলে মিছা খবৰ বিয়পাইছে সেই সকলক দেশবাসীয়ে নাকচ কৰি থৈছে।'- এই মন্তব্যৰে কংগ্ৰেছক সমালোচনা কৰিলে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- 'ভুৱা অপপ্ৰচাৰ সেই কেইটা ৰাজনৈতিক দলৰ দ্বাৰা বিয়পোৱা হৈছে যিবোৰক ২০১৯ৰ লোকসভা নিৰ্বাচনত দেশবাসীয়েই নাকচ কৰিছিল।'

লগতে তেওঁ কয় যে, ২০১৯ৰ লোকসভা নিৰ্বাচনত ৰাইজে নাকচ কৰা সকলৰ কথাকোনেও শুনিব নিবিচাৰে। তদুপৰি তেওঁলোকৰ হাতত আৰু বিশেষ একো অস্ত্ৰও নাই। কিন্তু বিজেপিকৰ্মীয়ে দলৰ বাৰ্তা প্ৰেৰণৰ বাবে অন্য মাধ্যমৰ সুযোগ ন'লৈ পোনপটীয়াকৈ ৰাইজৰ কাষচাপিছে। এয়া হৈছে সেই শক্তি যিয়ে আমাক পুনৰ সংখ্যাগৰিষ্ঠতাৰে শাসনত অধিস্থিতকৰিলে। ই ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ উন্নতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in