প্ৰধানমন্ত্ৰী মাত্ৰু বন্ধন যোজনাঃ দেশৰ ভিতৰতে তৃতীয় স্থানত দক্ষিণ শালমাৰা-মানকাচৰ জিলা…

প্ৰধানমন্ত্ৰী মাত্ৰু বন্ধন যোজনাঃ দেশৰ ভিতৰতে তৃতীয় স্থানত  দক্ষিণ শালমাৰা-মানকাচৰ জিলা…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ প্ৰধানমন্ত্ৰী মাত্ৰু (matru) বন্ধন যোজনা চমুকৈ PMMVY আঁচনিৰ অধীনত গৰ্ভৱতী মহিলা হিতাধিকাৰীয়ে আঁচনিৰ ধন সঠিকভাবে লাভ কৰাত সমগ্ৰ দেশৰ ভিতৰত দক্ষিণ শালমাৰা মানকাচৰ জিলা তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে সংখ্যালঘু মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে গৰ্ভৱৰ্তী মহিলা সকলক তিনিটা কিস্তিত ৫ হেজাৰকৈ টকা প্ৰদান কৰে। আনহাতে হাস্পতালত সন্তান জন্ম দিলে ৬ হেজাৰ টকা দিয়া হয়। এই আঁচনিৰ বাবে নতুনকৈ গঠন হোৱা জিলা খনৰ মুঠ ৩২৩২৫ গৰাকী হিতাধিকাৰীয়ে নাম পঞ্জীয়ন কৰিছে।

ইয়াৰে ২৪ জানুৱাৰী ২০২০ তাৰিখলৈ মুঠ ২৯২০১ গৰাকী হিতাধিকাৰীয়ে ইতিমধ্যে আঁচনিৰ ধন লাভ কৰিছে। একেদৰে ২৯০২ গৰাকী হিতাধিকাৰীক কিছুদিনৰ ভিতৰত আঁচনিৰ অধীনত ধন দিয়া হব বুলি জিলা উপায়ুক্ত আতিকা চুলতানাই জানিবলৈ দিয়ে। দেশত মুঠ ৭০২ টা জিলাৰ ভিতৰত অসমৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা তৃতীয় স্থান পোৱাত জিলা প্ৰশাসনৰ লগতে জিলাবাসী উৎফুল্লিত হৈছে।

অহা ৩ ফেব্ৰুৱাৰী তাৰিখে দিল্লীত তৃতীয় স্থান পোৱাৰ বাবে বঁটা লাভ কৰিবলৈ সংখ্যালঘু মহিলা আৰু শিশু উন্নয়ন বিভাগৰ পৰা আমন্ত্ৰণ লাভ কৰিছে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসন। এই বঁটাৰ বাবে তৃতীয় স্থান পাই জিলা উপায়ুক্ত আতিকা চুলতানাই সন্তষ্টি প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in