আজৱ ঘটনা ! দৰঙৰ এখন গাঁৱৰ মুঠ পৰিয়াল ২০০, চৰকাৰৰ হিতাধিকাৰীৰ তালিকাত সোমাল ৩৩৯ টা পৰিয়াল…

আজৱ ঘটনা ! দৰঙৰ এখন গাঁৱৰ মুঠ পৰিয়াল ২০০, চৰকাৰৰ হিতাধিকাৰীৰ তালিকাত সোমাল ৩৩৯ টা পৰিয়াল…

ডিজিটেল সংবাদ মঙলদৈঃ দৰঙৰ এখন গাঁৱত আজব ঘটনা। গাওঁখনৰ মুঠ পৰিয়াল আছে ২০০খন ঘৰ। কিন্তু চৰকাৰী আঁচনিৰ তালিকাত সোমাল ৩৩৯ ঘৰ। ক'ৰ পৰা সোমাল এই অতিৰিক্ত ১৩৯ টা পৰিয়াল,এই অভিযোগ আমাৰ নহয়, এই অভিযোগ গাঁওখনৰ চৰকাৰী গাওবুঢ়াৰ। এই ঘটনা দৰঙৰ জলজলী গাওঁ পঞ্চায়তৰ অন্তৰ্গত আলাগঝাৰী গাওঁৰ ।

চৰকাৰী গাওবুঢ়া, পঞ্চায়তৰ মেম্বাৰ আৰু গাঁওখনৰ সচেতন লোকসকলে অভিযোগ কৰে যে হিন্দু বসতি প্ৰধান গাওঁখনৰ মুছলমান পৰিয়ালয়েই আছিল মাত্ৰ ৫খন ঘৰ, কিন্তু বি জে পি চৰকাৰৰ অভিলাখী আঁচনি প্ৰধানমন্ত্ৰী কৃষক নিধি আঁচনিত সোমাল ২০৯খন মুছলমান ঘৰ। ইয়াকে লৈ গাওঁখনত এতিয়া চেপা উত্তেজনা বিৰাজ কৰিছে। গাওঁবাসীৰ আশংকা এনে অজানা হিতাধিকাৰী সকল যদি সময়ত ভোটাৰ তালিকাতো নাম সুমাই যায়!

সাংবাদিকে গাওঁখনৰ কৃষকৰ ঘৰত উপস্থিত হৈ চৰজমীন তদন্ত কৰোঁতে আলাগঝাৰী গাঁৱৰ প্ৰকৃত কৃষকে অভিযোগ কৰিলে যে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত সংঘটিত হৈছে ব্যাপক খেলিমেলি। প্ৰকৃত কৃষক বঞ্চিত হোৱাৰ বিপৰীতে অন্য কোনোবা অচিনাক্তমুছলিম সম্প্ৰদায়ৰ মানুহৰ নাম হিতাধিকাৰী তালিকাত সোমাই আছে। এই ক্ষেত্ৰত অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিছাৰি গোটেই ঘটনাটো তদন্তৰ আওতালৈ আনি প্ৰকৃত কৃষকৰ প্ৰাপ্য আদায় দিবলৈ লগতে এই অচিনাকী লোক কি দৰে বা কিয় এই গাঁৱৰ হিতাধিকাৰী তালিকাত সোমাই চৰকাৰৰ এই অভিলাসী আঁচনিৰ পৰা লাভাম্বিত হ'ল তাক বিচাৰ কৰিবলৈ গাওঁ বাসীয়ে অনুৰোধ জনালে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in