ঘোৰ অপমান! প্ৰধানমন্ত্ৰীৰ মূৰত জোতা, বৰাহ ৰূপত গৃহমন্ত্ৰীৰ ফটো ফেচবুকত শ্বেয়াৰ কৰি আৰক্ষীৰ জালত উদণ্ড যুৱক, VIDEO…

ঘোৰ অপমান! প্ৰধানমন্ত্ৰীৰ মূৰত জোতা, বৰাহ ৰূপত গৃহমন্ত্ৰীৰ ফটো ফেচবুকত শ্বেয়াৰ কৰি আৰক্ষীৰ জালত উদণ্ড যুৱক, VIDEO…

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত শিঙিমাৰী গাঁৱৰ নুৰ জামাল শ্বেখৰ পুত্ৰ আজিয়াৰ ৰহমানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে ছছিয়েল মিডিয়াত আপত্তিজনক ফটো আপলোড আৰু শ্বেয়াৰ কৰাৰ অপৰাধত কোকৰাঝাৰ আৰক্ষীয়ে আজিয়াৰক গ্ৰেপ্তাৰ কৰিছে ।

কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় চন্দ্ৰ সাহাই সদৰি কৰা মতে যোৱা ১৩ আগষ্টৰ দিনাখন আজিয়াৰ ৰহমানৰ আপত্তিজনক পোষ্টবোৰ কোকৰাঝাৰ আৰক্ষীৰ দৃষ্টিগোচৰ হয় আৰু উক্ত দিনাই এক অভিযান চলাই শক্তি আশ্ৰম বজাৰৰ পৰা আজিয়াৰ ৰহমানক গ্ৰেপ্তাৰ কৰা হয় ।

ধৃত আজিয়াৰ ৰহমানৰ বিৰুদ্ধে ফকিৰাগ্ৰাম থানাত এক গোচৰ (নং ৯৮ / ২০১৯)ৰজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১২০(বি)/১৫৩/১৫৩(এ)/২৯৪/৫০৬ আৰু আইটি এক্টৰ আৰ ডব্লিউৰ ধাৰা ৬৬ আইটি মৰ্মে গোচৰ পঞ্জীয়ন কৰিছে ।

আৰক্ষীৰ জেৰাত ধৃত আজিয়াৰ ৰহমানে নিজৰ অপৰাধ স্বীকাৰ কৰি তেওঁৰ ফেচবুক টাইমলাইনত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ বিৰুদ্ধে ঘৃণাসূচক , আপত্তিজনক কণ্টেণ্ট আপলোড আৰু শ্বেয়াৰ কৰিছিল বুলি স্বীকাৰোক্তি দিয়ে । ধৃত আজিয়াৰ ৰহমানৰ পৰা আৰক্ষীয়ে এটা মোবাইল হেণ্ডছেট আৰু দুখন চীমকাৰ্ড জব্দ কৰিছে । P

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in