পি কে দত্তৰ ড্ৰাইভাৰ আনোৱাৰক দৰমহা দিয়ে অসম আৰক্ষীয়ে!

পি কে দত্তৰ ড্ৰাইভাৰ আনোৱাৰক দৰমহা দিয়ে অসম আৰক্ষীয়ে!

ডিজিটেল ডেস্কঃ প্ৰশান্ত কুমাৰ দত্তৰ গাড়ীচালক হিচাপে থকা আনোৱাৰ হুচেইন নামৰ অসম আৰক্ষত নিয়োজিত গাড়ীচালক জনক আৰক্ষীয়ে ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে। এই আনোৱাৰক সোধ পোছ কৰিলে এছ আই কেলেংকাৰীৰ সন্দৰ্ভত বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

তৃতীয় এ পি পি এফত কৰ্মৰত এই গাড়ীচালক জনক নিজৰ লগতে ৰাখি পি কে দত্তই বহু অনিয়ম সংঘটিত কৰিছিল। দৰঙৰ খজুৱা আলিত থকা তৃতীয় এ পি পি এফৰ অধিনায়ক আছিল প্ৰশান্ত কুমাৰ দত্ত। সেইসময়ৰ পৰা দত্তৰ সৈতে থকা আৰক্ষীৰ এই গাড়ীচালক জনে দত্ত পৰিয়ালৰ ব্যক্তিগত বাহন চলালেও দৰমহা পাইছিল অসম আৰক্ষীৰ পৰা।

বাইহাটা পাত্ৰপুৰত ঘৰ আনোৱাৰৰ। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত এই গাডীচালকজনৰ সন্দৰ্ভত এই খবৰ বিস্তৃতভাৱে প্ৰকাশ পাইছে। দত্তৰ ঘৰত চি আই ডিয়ে অভিযান চলোৱাৰ পূৰ্বেই এই আনোৱাৰেই উবেৰৰ এখন ভাৰাগাড়ীত ৫টা বস্তাত ধন আৰু আপত্তিজনক নথি-পত্ৰ উলিয়াই নিছিল।

যিখন উবেৰ বাহনত এই টোপোলা কেইটা নিয়া হৈছিল সেই চালকজনে সদৰি কৰা মতে, লখৰা হোটেল ভাৰ্গৱত সেই টোপোলাকেইটা তেওঁ নমাই থৈ আহিছিল। চালকজনে অৱশ্যে তাত কি আছিল গম পোৱা নাছিল বুলি জানিব দিয়ে।

আৰক্ষীয়ে ইতিমধ্যে আনোৱাৰৰ বাইহাটাৰ ঘৰত অভিযান চলাই এখন গাড়ী জব্দ কৰিছে। AS-O1-DU-6867নম্বৰৰ এই বেলান' গাড়ীখন আছিল দত্তৰ পত্নী স্বপ্নাশ্ৰী দত্তৰ নামত। এছ আই কেলেংকাৰী অন্যতম খলনায়কৰূপে চিহ্নিত হোৱা দিবন ডেকা আৰু পি কে দত্তৰ ঘনিষ্ঠ কেইবাজনকো আৰক্ষীয়ে বৰ্তমানলৈকে আটক কৰা নাই। ট

বিশেষকৈ দিবন ডেকাই তেওঁৰ কেইবাজনো ঘনিষ্ঠ লোকৰ জৰিয়তে এই চাকৰিৰ বজাৰ মেলিছিল। কমদিনৰ ভিতৰতে যথেষ্ট ধন সম্পত্তিৰ গৰাকী হোৱা দিবন ডেকাৰ ঘনিষ্ঠসকলক জেৰা কৰিলে আৰু অধিক তথ্য লাভ কৰাৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in