মুকালমুৱা চিকিৎসালয়ত মন্ত্ৰী পিয়ুষ হাজৰিকাৰ আকস্মিক পৰিদৰ্শন, দুজন চিকিৎসকক বদলি, নিলম্বন

মুকালমুৱা চিকিৎসালয়ত মন্ত্ৰী পিয়ুষ হাজৰিকাৰ আকস্মিক পৰিদৰ্শন, দুজন চিকিৎসকক বদলি, নিলম্বন

ডিজিটেল সংবাদ, দৌলাশালঃ বৃহস্পতিবাৰে পুৱাই অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুষ হাজৰিকাই মুকালমুৱা চিকিৎসালয়ত আকস্মিক পৰিদৰ্শন কৰি এগৰাকী চিকিৎসকক চাকৰি পৰা নিলম্বন কৰাৰ লগতে এগৰাকী চিকিৎসকক শাস্তিমুলকভাৱে বদলি কৰে৷ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে অসম চৰকাৰৰ কাৰ্যবাহী সঞ্চালক ডা০ অচ্যুত বৈশ্যৰ সৈতে পুৱাই মুকালমুৱা চিকিৎসালয়ত উপস্থিত হৈ মুকালমুৱা মহকুমা স্বাস্থ্য বিষয়াৰ কাৰ্যালয়লৈ চিকিৎসালয়খনৰ কৰ্তব্যৰত সকলো চিকিৎসক, নাৰ্চ তথা সকলো কৰ্মচাৰীক তলৱ কৰি লৈ আহি চিকিৎসালয়খনলৈ অহা সকলো ৰোগীক চিকিৎসা সেৱাৰ ক্ষেত্ৰত যাতে টিলমানো বিজুতি নাৰাখে তাৰ বাবে সকিয়াই দিয়ে৷

ইয়াৰ পিছতে চিকিৎসালয়খনৰ চিকিৎসক ডা০ ৰাতুল দাসৰ বিৰুদ্ধে থকা উৎকোচ লোৱাৰ অভিযোগ সন্ধৰ্ভত ডা০ ৰাতুল দাসক মহকুমা স্বাস্থ্য বিষয়াৰ কাৰ্যালয়লৈ তলৱ কৰি আনি অভিযোগ সন্দৰ্ভত জৱাবদিহি কৰে৷ উল্লেখ্য যে, মুকালমুৱা চিকিৎসালয়ৰ চিকিৎসক ডা০ ৰাতুল দাসে ৰামপুৰৰ এগৰাকী প্ৰসুতিৰ পৰা প্ৰসৱ কৰাৰ বাবদ ৫০০০ হাজাৰ টকা উৎকোচ বিচাৰিছিল৷ প্ৰসুতি গৰাকীৰ স্বামী প্ৰসন্ন তালুকদাৰে চিকিৎসক দাসৰ সৈতে হোৱা সকলো কথোপোকথন আৰু চিকিৎসক গৰাকীক দিয়া নগদ ২৫০০ টকা নিজৰ মোৱাইল কেমেৰাৰে সমগ্ৰ দৃশ্য বন্দী কৰি মন্ত্ৰী গৰাকীক সেই মোৱাইল ভিডিঅটো অৰ্পন কৰে৷

ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সেই মোৱাইল ভিডিঅটো বৃহস্পতিবাৰে প্ৰত্যক্ষ কৰিয়ে চিকিৎসক ডা০ ৰাতুল দাসক চাকৰিৰ পৰা নিলম্বন কৰাৰ নিৰ্দেশ দিয়ে অসম চৰকাৰৰ কাৰ্যবাহী সঞ্চালক ডা০ অচ্যুত বৈশ্যক৷ ইপিনে চিকিৎসালয়খনত নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ কৰ্তব্যত উপস্থিত হোৱা চিকিৎসক ডা০ প্ৰকাশ বৰ্মনক কৰ্তব্যত গাফিলতি কৰাৰ বাবে তেখেতক শাস্তিমুলকভাৱে বদলি কৰে৷

চিকিৎসক ডা০ প্ৰকাশ বৰ্মনক ধুবুৰী জিলাৰ হাটশিঙিমাৰীলৈ বদলি কৰাৰ নিৰ্দেশ দিয়ে মন্ত্ৰী পিয়ুষ হাজৰিকাই৷ আনহাতে বৰক্ষেত্ৰীৰ ভাংনামাৰী চিকিৎসালত কিছুদিন পূৰ্বে চিকিৎসালয়খনত চিকিৎসক নথকাৰ ফলত এগৰাকী গৰ্ভৱতী মহিলাই চিকিৎসালয়ৰ বাৰাণ্ডাত প্ৰসৱ কৰাৰ বাবেই স্থানীয় একাংশ লোকে চিকিৎসালয়ৰ বিভিন্ন আচবাব ভাঙি লণ্ডভণ্ড কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান প্ৰদান কৰিছিল৷ ইমানে নহয় চিকিৎসালখনত উত্তেজিত লোকে ভাৰত মাতা হায় হায় ধ্বনি দিয়াৰ অভিযোগ উত্থাপিত কৰি বৰক্ষেত্ৰী যুৱ মৰ্চাই মুকালমুৱা আৰক্ষী থানাত এখন এজেহাৰ দাখিল কৰিছিল৷

চৰকাৰী সম্পত্তি ধ্বংস কৰাৰ বাবে ভাংনামাৰী আৰক্ষী থানাত ভাংনামাৰী চিকিৎসালয়ৰ চিকিৎসক ডা০ উত্তম দত্তই এখন এজাহাৰ দাখিল কৰিছিল৷ ইতিমধ্যে ভাংনামাৰী আৰক্ষীয়ে যুৱ-ছাত্ৰ পৰিষদ বৰক্ষেত্ৰী চৰ আঞ্চলিক সমিতিৰ সভাপতি ছাদ্দাম হুছেইনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে৷ সেই প্ৰসংগতে মন্ত্ৰী পিয়ুষ হাজৰিকাই বৰক্ষেত্ৰীৰ ভাংনামাৰী চিকিৎসালয়ত যুৱ ছাত্ৰ পৰিষদ চৰ আঞ্চলিক সমিতিয়ে ভাৰত মাতা হায় হায় ধ্বনি দিয়া কাৰ্যই ভাৰত মাতাৰ প্ৰত্যেকজন সন্তানৰ বুকুত আঘাত হনাৰ বাবেই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই অসমবাসী ৰাইজৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা খোজাৰো দাবী জনাই মন্ত্ৰী পিয়ুষ হাজৰিকাই৷ মন্ত্ৰী গৰাকীয়ে আজি মুকালমুৱা চিকিৎসালয়ত আকস্মিক পৰিদৰ্শন কৰাত সংগ দিয়ে বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাই৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in