পিয়াঙত বিশাল জনসভাতঃ প্রধানমন্ত্ৰী মোডীৰ দৰ্শনাৰ্থে চুচৰি আহিল বিশেষভাৱে সক্ষম যুৱক…

পিয়াঙত বিশাল জনসভাতঃ প্রধানমন্ত্ৰী মোডীৰ দৰ্শনাৰ্থে চুচৰি আহিল বিশেষভাৱে সক্ষম যুৱক…

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰৰ পিয়াং চাপৰিৰ বিশালকায় পথাৰত অনুষ্ঠিত হ'ল প্ৰধান মন্ত্ৰীৰ বিশাল জনসভাত ৷ চাৰিটা বছৰৰ কাৰ্যকালত তৃতীয় বাৰৰ বাবে অসম লৈ আহিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ প্ৰায় পাঁচ লক্ষাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হয় এই সভা ৷ চিলাপথাৰৰ লগতে ধেমাজি, ডিব্ৰুগড়, জোনাইৰ বিভিন্ন প্ৰান্তৰ পৰা ব্ৰহ্মপুৱাৰে পৰা আহি সমবেত হ'ল অলেখ লোক ৷

পাঁচখন বিশেষ ৰে'ল আৰু পাঁচ সহস্ৰাধিক সৰু বৰ বাহনেৰে হিল দল ভাঙি আহিল জনতা ৷ প্ৰধানমন্ত্ৰীৰ আগমণৰ প্ৰাক ক্ষণত ৰাইজৰ মনোৰঞ্জনৰ বাবে জনপ্ৰিয় শিল্পী নীল আঁকাশে পৰিবেশন কৰে বহু জনপ্ৰিয় গীত ৷ প্ৰচণ্ড উত্তো পতো গীতৰ,তালে তালে নাচি স্ফুৰ্তিত আত্মহাৰা হৈ পৰে জাক জাক মহিলা ৷ দুপৰীয়া ১১ বজাত হেলিকপ্তাৰৰে আহি উপস্থিত হোৱা প্ৰধানমন্ত্ৰীজনে ধেমাজি আভিযান্ত্ৰিক মহাবিদ্যা লয়ৰ লগতে আন কেইবাটাও বিগবাজেটৰ আঁচনি ভিডিঅ কনফাৰেন্সৰ জৰিয়তে উদঘাটন কৰে ৷

ইয়াৰ পিছতে কেউখন আঁচনিক লৈ তৈয়াৰ কৰা এক তথ্যচিত্ৰ প্ৰদৰ্শন কৰে ৷ প্ৰধানমন্ত্ৰীজনে জনগণক উদ্দেশ্যি ধেমাজিবাসীৰ আত্মীয়তাই ৰাজহুৱা কাম কৰাত প্ৰেৰণা যোগাইছে ৷ বগীবিল দল, ব্ৰডগজ ৰেলপথ নিৰ্মাণৰ লগতে কলিয়া ভোমোৰা সেতু,ফৰ লেন হাইৱে নিৰ্মাণ কাৰ্যৰ লগতে বহু উন্নয়ন মূলক কাম কাজ অব্যাহত আছে বুলি কয় ৷

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোডীয়ে পুনৰ কয় যে- এসময়ত বিদ্যুতৰ পৰশ নপৰা অসমৰ ১৮ হেজাৰ গাঁৱত বিজেপিৰ দিনতে বিদ্যুত সংযোগ দিয়া হৈছে৷ উত্তৰ পাৰত ৰাইজৰ সুবিধাৰ প্ৰতি নজৰ ৰাখি ধেমাজিত প্ৰথমখন আভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰা হ'ল ৷ সেইদৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি কাৰ্য কৰীকৰণৰ কৰি চিকিৎসা আৰু আভিযান্ত্ৰিক শিক্ষা নিজা নিজা মাতৃভাষাতে অধ্যয়নৰ ব্যৱস্থা কৰা হ'ব ৷

ইফালে, মৎস্য পালনক উৎসাহিত কৰিবলৈ ২০ হেজাৰ কোটি টকা মীনপালনক বাবে ধাৰ্য কৰা হৈছে বুলি কয় ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক উন্নয়নৰ ডবল ইঞ্জিন বুলি আখ্যা দি এই ইঞ্জিনৰ সুচাৰুভাৱে চলিবলৈ ৰাইজৰ পৰা সুযোগ বিচাৰিলে প্ৰধানমন্ত্ৰী মোডিয়ে৷ কাৰ্যসূচীত উপস্থিত থকা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোডিৰ প্ৰশংসাত পঞ্চমুখহৈ কংগ্ৰেছৰ দিনত উন্নয়নৰ মুখ নেদেখা অসমত ২০১৪ চনৰ পৰাই মোডিজীৰ নেতৃত্বত অসমত দ্ৰুতগতিত উন্নয়ন সাধন হৈছে বুলি মন্তব্য কৰে ৷

পিতৃ মাতৃয়ে সন্তানক চোৱা চিতা কৰাৰ দৰে অসমক চোৱা চিতা কৰিছে ৷ যাতায়ত, শিক্ষা, চিকিৎসা, নিযুক্তি সৰ্বক্ষেত্ৰতে উন্নয়ন সম্ভৱ হৈ উঠিছে ৷ তদুপৰি মোডিজীয়ে নিষ্ঠা,ভক্তি,সততা,মানৱ প্ৰেমৰ ৰাজনীতিৰে সকলো কে একেদৰে খোজকঢ়াৰ প্ৰেৰণা দিছে বুলি মন্তব্য কৰে ৷ কাৰ্যসূচীত অসমৰ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখী,কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান,কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী,অসমৰ বিত্তমন্ত্ৰীক মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, নৱকুমাৰ দলে,পিয়ুচ হাজৰীকা,কেশৱ মহন্ত,যোগেন মোহন,সাংসদ প্ৰদান বৰুৱা,কামাখ্যা প্ৰসাদ তাচা, বিধায়ক ভূৱন পেগু,ডাঃ ৰনোজ পেগু,ৰঞ্জীত দাস,চক্ৰ গগৈ, সঞ্জয় কিশানৰ লগতে বহু বিধায়ক নেতা উপস্থিত থাকে ৷

চিলাপথাৰত সোমবাৰে অনুষ্ঠিত প্ৰধানমন্ত্ৰী মোডিৰ জনা কীৰ্ণ সভাত বিশেষভাৱে সক্ষম যুৱক মোহন মণ্ডল৷ চিলাপথাৰ আৰ্নেচাপৰি নিবাসী ৫০ বছৰীয়া যুৱকজনে খোজ কাঢ়িব নোৱাৰে ৷ বিজেপি চৰকাৰে দিয়া এখন ট্ৰাইচাইকেলত তিনি ঘণ্টা সময় উঠি আহি জনসভাত ভাগ লৈ যুৱকজনে ৰাইজক বিশেষভাৱে দৃষ্টি কাঢ়িবলৈ সক্ষম হ'ল৷ জনসভাত প্ৰধানমন্ত্ৰীক দৰ্শন কৰিবলৈ পাই অত্যন্ত আনন্দিত হৈ প্ৰধানমন্ত্ৰীক ভগৱানৰ আখ্যা দিয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in