১৫৮ বছৰত ভৰি দিলে ভাৰতৰ প্ৰথম কৃষক বিদ্ৰোহ “ফুলগুৰি ধেৱা”ই, ৩দিনীয়াকৈ অনুষ্ঠিত হ’ব ১৮৬১ৰ তেজে ধুৱা “ফুলগুৰি ধেৱা দিৱস”

১৫৮ বছৰত ভৰি দিলে ভাৰতৰ প্ৰথম কৃষক বিদ্ৰোহ “ফুলগুৰি ধেৱা”ই, ৩দিনীয়াকৈ অনুষ্ঠিত হ’ব ১৮৬১ৰ তেজে ধুৱা “ফুলগুৰি ধেৱা দিৱস”

ডিজিটেল সংবাদ, ৰহাঃ শুকুৰবাৰৰ পৰা ৩দিনীয়া কাৰ্যসূচীৰে ৰহাৰ ফুলগুৰিত আয়োজন কৰা হৈছে ঐতিহাসিক "ফুলগুৰি ধেৱা" দিৱসৰ৷ তাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি৷ যুদ্ধকালীন ক্ষীপ্ৰতাৰে মেৰামতি কৰিছে ফুলগুৰি অঞ্চলৰ বিধ্বস্ত বাট-পথ৷ ভাৰতীয় কৃষান সংঘৰ নগাঁও জিলা সমিতি আৰু ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত হ'ব 'ফুলগুৰি ধেৱা' দিৱস৷

উল্লেখ্য যে, বৃটিছৰ অন্যায়, কৰ-কাটলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ ১৮৬১চনৰ ১৮অক্টোবৰত নগাঁৱৰ কৃষকসকল ফুলগুৰিত একত্ৰিত হৈছিল আৰু ইয়াতে ইংৰাজৰ চিপাহীয়ে ৫৪জনৰো অধিক চহা কৃষকক বৰ্বৰভাবে হত্যা কৰিছিল৷ পিচলৈ ই 'ফুলগুৰি ধেৱা' হিচাপে বিখ্যাত হৈ পৰে৷ 'ফুলগুৰি ধেৱা'ই আছিল অসম তথা ভাৰতৰ প্ৰথম কৃষক বিদ্ৰোহ৷ ইতিমধ্যে ইতিহাস প্ৰসিদ্ধ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি ধেৱা ১৫৮ বছৰীয়া হ'ল৷

তদুপলক্ষে ফুলগুৰি ধেৱা স্মৃতিৰক্ষা সমিতিৰ সহযোগত আৰু ভাৰতীয় কিষান সংঘ নগাঁও জিলাৰ উদ্যোগত ১৮, ১৯ আৰু ২০ অক্টোবৰত ফুলগুৰিত ইতিহাস প্ৰসিদ্ধ ফুলগুৰি ধেৱাৰ ১৫৮ তম্ স্মৃতি দিৱস উদযাপনৰ দিহা কৰা হৈছে৷ কাৰ্যসূচী অনুসৰি ১৮ অক্টোবৰৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব ভাৰতীয় কৃষান সংঘৰ সভাপতি পুস্পেন্দ্ৰ শইকীয়া আৰু ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিৰ সভাপতি দণ্ড মোহন শইকীয়াই৷ ফুলগুৰি ধেৱাৰ বীৰ শ্বহীদৰ পৰিয়ালবৰ্গ আৰু ফুলগুৰি ধেৱাৰ বীৰ ৰনুৱাৰ পৰিয়ালবৰ্গৰ দ্বাৰা ৯:৩০ বজাত বন্তি প্ৰজ্বালন আৰু স্মৃতি তৰ্পণ৷

সন্ধিয়া ৬ বজাত ১৫৮ গছি বন্তি প্ৰজ্বলন৷ দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি ১৯ অক্টোবৰৰ পুৱা ১১ বজাত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত প্ৰাইজমানি চিত্ৰাংকন প্ৰতিযোগিতা আৰু দুপৰীয়া ১:৩০ বজাত "ফুলগুৰি ধেৱা"ৰ ওপৰত ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব৷ অন্তিমদিনা ২০ অক্টোবৰত দিনৰ ১ বজাত ফুলগুৰি ধেৱা স্মৃতি দিৱস উদযাপন সমিতিৰ সভাপতি সমৰ সিং ডেকাৰ সঞ্চালনাত অনুষ্ঠিত হ'ব মুকলি সভা৷ মুকলি সভাত মূখ্য অতিথি ৰূপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু নিদিষ্ট বক্তাৰূপে উপস্থিত থাকিব অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া।

আটাইকেইদিনৰ সমূহ কাৰ্যসূচীতে সমূহ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে "১৫৮ তম্ ফুলগুৰি ধেৱা স্মৃতি দিৱস উদযাপন" সমিতিয়ে৷ উল্লেখ্য যে, ১৫৮তম বৰ্ষত ভৰি দিয়া 'ফুলগুৰি ধেৱা'ত নিহত বা আহত বীৰসকলৰ পৰিয়ালবৰ্গ বা আত্মীয়ই আজিকোপতি চৰকাৰীভাবে কোনো স্বীকৃতি নাপালে৷ তাৰোপৰি ইতিহাস প্ৰসিদ্ধ ঠাইটুকুৰা সংৰক্ষণৰ বাবেও চৰকাৰীপক্ষই হেমাহি কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। কাৰণ ২০০৫ চনত সেইসময়ৰ বিধায়ক আনন্দৰাম বৰুৱাই বিধায়ক পুঁজিৰে ফুলগুৰি বৰ আহতৰ তলত কৃৃৃষক বিদ্ৰোহৰ প্ৰতীকৰ এক স্মৃৃতিসৌধ নিৰ্মাণৰ লগতে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এখন তোৰণ নিৰ্মাণ কৰাৰ বাহিৰে চৰকাৰে ফুলগুৰি ধেৱা সংৰক্ষণৰ বাবে বিশেষ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

ইতিমধ্যে ফুলগুৰি ধেৱা স্মৃতিৰক্ষা সমিতিয়ে ঐতিহাসিক ঠাই টুকুৰাৰ লগতে ফুলগুৰি ধেৱাৰ লগত জড়িত মানুহ পোৰা বিল সংৰক্ষণ কৰা, ফুলগুৰি ধেৱাৰ চিত্ৰনাট্য নিৰ্মাণ কৰা, শংকৰদেৱ কলাক্ষেত্ৰত ফুলগুৰি ধেৱাৰ চিত্ৰ অংকন কৰাৰ লগতে ১৮ অক্টোবৰ দিনটো সৰ্ব ভাৰতীয় কৃষক দিৱস হিচাপে স্বকৃীতি দিয়াৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা লবলৈ মুখ্যমন্ত্ৰীৰ লগতে অসমৰ সাংসদসকলক স্মাৰক পত্ৰযোগে দাবী জনাইছে। আনহাতে ১৮ অক্টোবৰ সন্ধিয়া অসমৰ সকলো কৃষক ৰাইজক এগছি বন্তি জ্বলাবলৈ আহ্বান জনাইছে ফুলগুৰি ধেৱা স্মৃতিৰক্ষা সমিতিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in