অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়া ফটিক দত্ত গোস্বামীক সন্মানীয় ডক্টৰেট উপাধি প্ৰদান আমেৰিকা ইন্টাৰনেচনেল ইউনিভাৰচিটিৰ...

অসমৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান তথা আইপিএছ বিষয়া ফটিক দত্ত গোস্বামীক প্ৰদান কৰা হৈছে সন্মানীয় ডক্টৰেট উপাধি। সমাজ জীৱনলৈ তেওঁ আগবঢ়োৱা অফুৰন্ত

author-image
Asomiya Pratidin
New Update
udjdjdj

ডিজিটেল ডেস্কঃ অসমৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান তথা আইপিএছ বিষয়া ফটিক দত্ত গোস্বামীক প্ৰদান কৰা হৈছে সন্মানীয় ডক্টৰেট উপাধি। সমাজ জীৱনলৈ তেওঁ আগবঢ়োৱা অফুৰন্ত অৱদানৰ বাবে এই সন্মানীয় উপাধি প্ৰদান কৰে আমেৰিকা ইন্টাৰনেচনেল ইউনিভাৰচিটীয়ে। 

যোৱা ৭মাৰ্চত বিশ্ববিদ্যালয়খনত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই উপাধি প্ৰদান কৰা হয়। সাহিত্যৰ ক্ষেত্ৰত প্ৰদান কৰা এই ডক্টৰেট উপাধিৰ বাবে ফটিক চন্জ্ক গোস্বামীয়ে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক।

বিশ্ববিদ্যালয়খনৰ শিক্ষা বিভাগে প্ৰদান কৰিছে এই সন্মানীয় উপাধি।  ফটিক দত্ত গোস্বামীক ২০১৯ বৰ্ষৰ ডক্তৰ বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় সন্মান ২০১৯ৰেও সন্মানিত কৰা হৈছিল।  আৰক্ষী আৰু জনসাধাৰণৰ মাজত সুসম্পৰ্ক স্থাপনৰ বাবে ৩খনকৈ ইংৰাজী ভাষাত গ্ৰন্থও ৰচনা কৰিছে গোস্বামীয়ে। ইয়াৰোপৰি ধাৰাবাহিক ভাৱে আৰক্ষী-জনতাৰ সুসম্পৰ্ক স্থাপনৰ বাবে সময়ে সময়ে ভিন্ন লেখাৰ লগতে তেওঁ কৰি অহা কামবোৰৰো উচ্চ প্ৰশংসা কৰে আমেৰিকা ইন্টাৰনেচনেল বিশ্ববিদ্যালয়ে।

আমেৰিকা