২২ অক্টোবৰত ২৪ ঘণ্টীয়া বন্ধৰে পেট্ৰ’ল পাম্প সংস্থাৰ প্ৰতিবাদ

২২ অক্টোবৰত ২৪ ঘণ্টীয়া বন্ধৰে পেট্ৰ’ল পাম্প সংস্থাৰ প্ৰতিবাদ

ডিজিটেল ডেস্কঃ পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত নামিব স্বয়ং পেট্ৰ'ল পাম্পসমূহ৷ এই প্ৰতিবাদৰ ফলত ২২ অক্টোবৰত ব্যাহত হৈ পৰিব পাৰে সৰ্বসাধাৰণৰ স্বাভাৱিক জীৱন-যাত্ৰা৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে দিল্লীৰ পেট্ৰল পাম্প এছ'চিয়েশ্যনে৷ সংস্থাটোৰ আহ্বানত সেইদিনা সমগ্ৰ দিল্লীতে পুৱা ৬ বজাৰ পৰা পিছদিনা পুৱা ৬ বজা পৰ্যন্ত বন্ধ থাকিব প্ৰতিটো পেট্ৰ'ল পাম্প৷

উল্লেখ্য যে, কেন্দ্ৰই মাজতে প্ৰতি লিটাৰ ইন্ধনৰ মূল্য ২.৫০টকাকৈ হ্ৰাস কৰিছিল যদিও প্ৰতিদিনেই পুনৰ মূল্যবদ্ধি অব্যাহত থকাৰ পৰিপ্ৰেক্ষিততে এনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সংগঠনটোৱে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in