হায় গণতন্ত্ৰ! পেট্ৰ’লৰ মূল্য কিয় বাঢ়িছে বুলি প্ৰশ্ন কৰা অটোৱালাক বিজেপি নেতাই কৰিলে কি দশাঃ VIDEO

হায় গণতন্ত্ৰ! পেট্ৰ’লৰ মূল্য কিয় বাঢ়িছে বুলি প্ৰশ্ন কৰা অটোৱালাক বিজেপি নেতাই কৰিলে কি দশাঃ VIDEO

ডিজিটেল ডেস্কঃ সংবাদ মাধ্যমৰ সমুখত তেতিয়া তামিলনাডু ৰাজ্যিক বিজেপিৰ সভানেত্ৰী তামিলিছাই সুন্দৰাৰঞ্জন। সাংবাদিকসকলৰ আগত তেওঁ কিছু মন্তব্য কৰিছে তামিল ভাষাত।

তেওঁ কি কৈছে সেই কথা হয়তো আপুনি বুজি নাপাব। কিন্তু নেত্ৰীগৰাকীৰ পিছফালে সংঘটিত এটা ঘটনাই আপোনাক বিচলিত কৰিব। নেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি থকাৰ সময়ত এজন অটোচালকে পিছফালৰ পৰা তেওঁক সুধিলে- পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি সন্দৰ্ভত কি ক'ব। প্ৰতিদিনেই বৃদ্ধি হৈ আছে…।

কথাষাৰ ক'বলৈহে পালে তেওঁ। নেত্ৰীগৰাকীৰ কাষতে থিয় হৈ থকা বিজেপি নেতা ভি কালিদাসে তেওঁক কিলাকুটিৰে এটা খুন্দা মাৰিলে। পিছফালৰ পৰা এজনে অটো ড্ৰাইভাৰজনক টানি নিলে আৰু ভি কালিদাসে ঘূৰি অটো ড্ৰাইভাৰজনক এটা গতা মাৰি পিছলৈ ঠেলি দিলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in