এয়াৰ ইণ্ডিয়াৰ বিজিনেছ ক্লাছত যাত্ৰী হ’ল কুকুৰ

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ কুকুৰ ভাল পোৱাৰ লগতে একেসময়তে দেশ-বিদেশ ভ্ৰমণ কৰি ভাল পোৱাসকলৰ বাবে সুখবৰ। কুকুৰ প্ৰেমী ভ্ৰমণকাৰীসকললৈ এই সুখবৰ আনিছে এয়াৰ ইণ্ডিয়াই। যিসময়ত আগশাৰীৰ বিমান সংস্থাসমূহে ভ্ৰমণৰ সময়ত যাত্ৰীক কুকুৰ নিবলৈ অনুমতি নিদিয়ে সেই সময়তে ভাৰতীয় বিমান সংস্থাটোৱে ইয়াৰ ওলোটাটো কৰি সকলোকে চমক খুৱাইছে।

সংস্থাটোৱে যে বিমানত যাত্ৰীক কুকুৰ নিবলৈ অনুমতি দিছে সেয়াই নহয় বিজিনেছ ক্লাছতো কুকুৰক গৰাকীৰ সৈতে ভ্ৰমণ কৰাৰ সুযোগ প্ৰদান কৰিছে। যোৱা ২৯ জুলাইত বাংগালুৰুৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ (AI 501) নম্বৰৰ বিমানখনৰ পৰাই পোন প্ৰথমে পোহৰলৈ আহে এই কথা।

পূৰ্বতে জেট এয়াৰৱেজে কুকুৰৰ সৈতে যাত্ৰা কৰিবলৈ অনুমতি দিছিল যদিও ২০০৯ চনত মুম্বাইৰ পৰা এখন বিমানত দুটাকৈ কুকুৰ পোৱালিৰ মৃত্যুৰ পিছতে সিদ্ধান্ত সলনি কৰে প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই। কুকুৰ পোৱালি দুটাৰ মৃত্যুৰ পিছত গৰাকীয়ে তৰা গোচৰৰ ভিত্তিত ৩২৪৮ মাৰ্কিন ডলাৰৰ আৱেগিক ক্ষতিপূৰণো দিবলগীয়া হৈছিল জেট এয়াৰৱেজে।

ইমানৰ পিছতো এয়াৰ ইণ্ডিয়াই কুকুৰসহ প্ৰতিষ্ঠানটোৰ বিমানত বিজিনেছ ক্লাছত যাত্ৰীক ভ্ৰমণৰ সুযোগ প্ৰদান কৰাটোৱে বহুতকে হতচকিত কৰি তুলিছে। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী বিগত সময়ছোৱাত যথেষ্ট ক্ষতিৰ সন্মুখীন হোৱা বাবেই গ্ৰাহকক আকৰ্ষিত কৰিবলৈ এই সিদ্ধান্ত লৈছে ভাৰতীয় বিমান সংস্থাটোৱে।

উল্লেখ্য যে, লোকচানৰ পৰিমাণ দিনে দিনে বৃদ্ধি পোৱাত সময়মতে কৰ্মচাৰীক দৰমহা আদায় দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে। আনকি পৰ্যাপ্ত ধনৰ অভাৱত ৰাজহুৱা খণ্ডৰ এই বিমান পৰিবহণ সংস্থাটোৱে কেবাখনো বিমানৰ চলাচল বন্ধ ৰাখিবলগীয়া হোৱাৰ বাতৰি পোৱা গৈছে। চৰকাৰৰ অৱহেলাৰ বাবে মৃত্যুমুখী হৈ পৰাৰ সময়তে এতিয়া কুকুৰক বিজিনেছ ক্লাছত ভ্ৰমণৰ সুযোগ দি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৱে লোকচানৰ পৰিমাণ হ্ৰাস কৰিবলৈ চেষ্টা চলাবলগীয়া হোৱাত আশ্বৰ্য প্ৰকাশ কৰিছে ভিন্ন মহলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in