কোভিড প্ৰট’কল মানি আজি ইছলামধৰ্মী লোক সকলে পালন কৰিব ঈদ-উল-ফিটৰ…

কোভিড প্ৰট’কল মানি আজি ইছলামধৰ্মী লোক সকলে পালন কৰিব ঈদ-উল-ফিটৰ…

ডিজিটেল ডেস্ক : আজি পবিত্ৰ ঈদ উল ফিটৰ । ৰমজান মাহৰ অন্তত শ্বাওয়াল বা ছাৱাল মাহৰ নতুন দিনে দেখা দিয়াৰ পিছদিনা ঈদ উৎসৱ পালন কৰা হয়। ইচলামধৰ্মী লোক সকলৰ বিশ্বাস মতে ৰমজান মাহ পবিত্ৰ মাহ। এই মাহৰ শেষৰ সপ্তাহত হিৰা পৰ্বতৰ গুহাত ধ্যান কৰি থকা অৱস্থাত হজৰত মহম্মদে আল্লাৰ বাণী শুনিবলৈ পাইছিল। সেই বাণীয়েই হ'ল কোৰানশ্বৰীফ। সেয়ে এই পবিত্ৰ মাহত মুছলমান সকলে ৰোজা বা উপবাস পালিলে শুভ হয় বুলি বিশ্বাস কৰে।

ইফালে কোভিডৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে ইছলামধৰ্মী লোক সকলে পালন কৰিব পবিত্ৰ ঈদ উল ফিতৰ । ৰাজ্য চৰকাৰে দিয়া কোভিড প্ৰট'কলৰ বাবে মছজিদ বা কোনো ইদগাহ ময়দানত ঈদৰ নামজ নকৰি নিজ নিজ ঘৰতে কোভিডৰ সকলো নীতি নিয়ম মানি পাল কৰিব পবিত্ৰ ঈদ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in