‘হকে বিহকে প্ৰতিশ্ৰুতি দি সেয়া পূৰণ নকৰাতকৈ মনে মনে থকাটোৱেই ভাল, সেই বাবেই মই নিমাত’

‘হকে বিহকে প্ৰতিশ্ৰুতি দি সেয়া পূৰণ নকৰাতকৈ মনে মনে থকাটোৱেই ভাল, সেই বাবেই মই নিমাত’

ডিজিটেল ডেস্কঃ 'মানুহে মোক নিমাত প্ৰধানমন্ত্ৰী বুলি আখ্যা দিছিল। কিন্তু মোৰ এই গ্ৰন্থখনেই মোৰ সকলো কথা প্ৰকাশ কৰিছে। এই গ্ৰন্থখনৰ প্ৰতিটো পৃষ্ঠাত মোৰ হৃদয় খোল খাইছে। কিতাপখন যিয়ে পঢ়ে, তেওঁ আৰু মোক নিমাত প্ৰধানমন্ত্ৰী আখ্যা দিব নিবিচাৰিব।' -মঙলবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ গ্ৰন্থ 'চেঞ্জিং ইণ্ডিয়া'ৰ উন্মোচন কৰি এইদৰে মন্তব্য কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।

দিল্লীত অনুষ্ঠিত গ্ৰন্থখনিৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি ড০ সিঙে বৰ্তমানৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পৰোক্ষ সমালোচনা কৰে। তেওঁ কয়- 'মই যেতিয়া প্রধানমন্ত্ৰী আছিলো, তেতিয়া মই অন্তত সংবাদ মাধ্যমৰ সৈতে কথা ক'বলৈ ভয় খোৱা নাছিলো। হয় মই কথা কমকৈ কৈছিলো। কিন্তু মই ভাৱো, আবোল তাবোল বকি দেশবাসীক আভুৱা ভাৰি থকাতকৈ মনে মনে থকাটোৱেই বেছি ভাল।'

ইফালে, এসময়ত ৰিজাৰ্ভ বেংকৰ গৰ্ভনৰ হিচাপে কৰ্মৰত ড০ সিঙে ভাৰতৰ অৰ্থব্যৱস্থা সন্দৰ্ভতো মন্তব্য কৰে। তেওঁ কয়- 'ৰিজাৰ্ভ বেংক আৰু কেন্দ্ৰীয় চৰকাৰৰ সম্পৰ্ক পতি-পত্নীৰ দৰে। দুয়োৰে মাজত থকা মতানৈক্যখিনি দূৰ কৰাৰ চেষ্টা চলোৱা উচিত। যাতে ইয়ে সামাঞ্জস্যৰে সৈতে নিজৰ নিজৰ কাম কৰিব পাৰে। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে বৰ্তমান তেনে হোৱা নাই। কেন্দ্ৰীয় চৰকাৰে এতিয়া ৰিজাৰ্ভ বেংকৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিবলৈ গৈ কেতবোৰ অপ্ৰয়োজনীয় পন্থা অৱলম্বন কৰিব লৈছে। যাৰ ফলত বিগত কিছু দিনৰ ভিতৰতে দুজনকৈ গভৰ্ণৰে পদত্যাগ কৰিবলৈ বাধ্য হৈছে। কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপে দেশৰ অৰ্থ ব্যৱস্থাৰ যথেষ্ট ক্ষতিসাধন কৰিব।'

ইফালে গ্ৰন্থ উন্মোচনৰ পিছতে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰাৰ মুহূৰ্তত মধ্যপ্ৰদেশৰ কৃষি ঋণ ৰেহাই আৰু ৰাজনৈতিক স্বাৰ্থ সিদ্ধি সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি মনমোহন সিঙে কয় যে দেশৰ কৃষক সকলহে প্ৰকৃত নাগৰিক। তেওঁ কয়- 'আমি প্ৰতিশ্ৰুতি দিছিলো কৃষি ঋণ ৰেহাইৰ। এয়া কোনো ৰাজনৈকি স্বাৰ্থজড়িত প্ৰতিশ্ৰুতি নাছিল। আমাৰ দেশৰ কৃষক সকলেই প্ৰকৃত নাগৰিক। তেওঁলোকৰ বাবে চিন্তা কৰাটো কেতিয়াও ৰাজনৈতিক অভিসন্ধি হ'ব নালাগে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in