বান নে বৰষুণৰ পানী ! উদ্ধত মন্তব্যৰে ৰাইজৰ ৰোষত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী…

বান নে বৰষুণৰ পানী ! উদ্ধত মন্তব্যৰে ৰাইজৰ ৰোষত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী…

ডিজিটেল সংবাদ ঢকুৱাখনা: ঘিলামৰাৰ সোৱণশিৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ঘিলামৰা সদৰৰ বালিয়নি গাঁৱৰ বন্যাৰ্ত ৰাইজ  ৰাজহ বিভাগৰ একাংশ অবিবেচকী বিষয়া কৰ্মচাৰীৰ  চৰম প্ৰতাৰণাৰ বলি হৈছে ।  বিগত প্ৰায় এটা সপ্তাহ ধৰি  ঘিলামৰাৰ গুৰথালী  চাপৰি মথাউৰী নিৰ্মাণৰ ফলত পানী আবদ্ধ হৈ সৃষ্টি হোৱা বানত ঘৰে-বাৰীয়ে খেতিয়ে পথাৰে সৰ্বশ্ৰান্ত হোৱা এইখন বান বিধ্বস্ত গাঁৱৰ বৰ্ন্যাতক অদ্যপি এমুঠি বান সাহায্য দিয়াত গুৰুত্ব দিয়া নাই সোৱণশিৰী ৰাজহ চক্ৰ বিষযাৰ কার্যালয়ে।

ঘিলামৰা উন্নয়ন খণ্ডৰ সন্মুখতে জলমগ্ন হৈ থকা গ্ৰামাঞ্চল চকুত নপৰা অন্ধ মুনি স্বৰূপ ৰাজহ চক্ৰ বিষয়া, লাট মণ্ডল, দুৰ্যোগ ব্যবস্থাপনা বিভাগৰ অদূৰদৰ্শী নীতিৰ বাবে এমুঠি বান সাহায্য অথবা অলপ পশু খাদ্যৰ বাবে হাঁহাকাৰ কৰিবলগীয়া হৈছে এইখিনি বানাক্ৰান্তই ।  এনেবোৰ মতলবি বিষয়া কৰ্মচাৰীৰ এনে  চৰকাৰী উপেক্ষা সন্দৰ্ভত বৃহস্পতি বাৰে "অসমীয়া প্ৰতিদিন ডিজিটেল"ত  ফটো সম্বলিত বাতৰি প্ৰকাশ হৈছিল ।

প্ৰকাশিত এই বাতৰি সংশ্লিষ্ট  বিভাগৰ মন্ত্ৰী ,শীর্ষ আমোলালৈ প্ৰেৰণ কৰি এনে অবিচাৰ সন্দৰ্ভত অৱগত কৰাৰ পাছত মৰ টোপনি ভাগিছে এইসকল অবিবেচকী চৰকাৰী পক্ষৰ ।  শুকুৰবাৰে পুৱাই ৰাজহ চক্ৰটোৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মুৰব্বী তথা ক্ষেত্ৰ বিষয়া ৰাজু ছেত্ৰী,পঞ্চায়ত প্ৰতিনিধি তথা ৱাৰ্ড সদস্য বম্বেশ্বৰ বৰুৱা ,  অকমন্য লাট মণ্ডল তাপশ বিশ্বাস আদিয়ে থৰকা চুটি হেৰুৱাই উপস্থিত হয় চৰকাৰী ভাবে উপেক্ষিত বৰ্ন্যাতৰ বালিয়নি অঞ্চলত । 

বানৰ কবলত পৰি থকা গাঁওখনৰ  বন্যাৰ্তক কটাক্ষ কৰি এক আত্মৰক্ষাৰ কৌশল হিচাবে এক নতুন সূত্ৰ আবিষ্কাৰ কৰে । এই মতলবি দলটোৱে এয়া বান নহয় বৰষুণৰ পানীহে বুলি বক্ৰুক্তি কৰি বান সাহায্য দিব পৰা নাযাব বুলি কয়। পাছত স্থানীয় একাংশই  এনে টুলুঙা আৰু উদ্ধট তৰল মন্তব্যৰ প্ৰতিবাদ কৰি বিগত প্ৰায় এসপ্তাহ ধৰি  বানত জলমগ্ন হৈ থকা দেখিও ৱাৰ্ড সদস্য ,লাট মণ্ডল, দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়াই ধৃতৰাষ্ট্রৰ ভূমিকা পালি অহাত মুকলি ভাবে  ককৰ্থনা কৰে ।

বান বিধ্বস্তক এমুঠি বান সাহায্য দিবলৈ চৰকাৰী ভাবে জাৰি কৰা নিৰ্দেশনা মানি কৰ্তব্যত মনোনিবেশ কৰাৰ বিপৰীতে  বান পানীক বৰষুণৰ পানী বুলি কৰা দায়িত্বহীন মন্তব্যৰ বাবে ৰাইজৰ ৰোষৰ বলি হব লগা হয় দলটো । সমগ্ৰ এলেকাটোত পৰ্য্যাপ্ত  পানীৰে প্লাৱিত হোৱাৰো সন্দেহ  ব্যক্ত কৰা পৰৱৰ্তী সময়ত দলটোৱে পাছত একাঠু পানীত নামি পৰিবেশ পৰ্যবেক্ষণ কৰিবলৈ বাধ্য হয় আৰু ক্ষেত্ৰ পৰিদর্শন কৰি দলটো উভতি যায় ।

উল্লেখ্য যে অঞ্চলটোৰ কৃষিজীৱী পশু পালক সকলৰ পশুকুল ব্যাপক খাদ্য সমস্যাত ভুগিছে । ৰাজপথৰ দাঁতিত আশ্ৰিত পশু ধনক গছৰ পাত কিম্বা কেঁচা কলগছ কাটি খুৱাই পেটৰ ক্ষুধা নিবাৰণ কৰি আহিছে বান পীড়িতই। ঢকুৱাখনা মহকুমাত বন্যা বিপন্নৰ মাজত প্ৰশাসনৰ তৰফৰ পৰা বান সাহায্য প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে যদিও এনেবোৰ বান পীড়িতক কিয় এনে সাহায্য আঁচনিয়ে স্পৰ্শ কৰা নাই সেয়াও এক তদন্তৰ বিষয় হিচাবে পৰিগণিত হৈছে । এই পৰিকল্পিত চক্ৰান্তৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ কৰাৰ বাবে টঙালি বান্ধিছে বঞ্চিত বানাক্ৰান্তই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in