পেগাচাছ কেলেংকাৰীঃ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন, কিয় এতিয়ালৈকে কোনো ব্যক্তিয়ে গোচৰ তৰা নাই..

পেগাচাছ কেলেংকাৰীঃ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন,  কিয় এতিয়ালৈকে কোনো ব্যক্তিয়ে গোচৰ তৰা নাই..

ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতি গৰম কৰি তোলা পেগাচাছ কেলেংকাৰী সন্দৰ্ভত বৃহস্পতিবাৰে এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাই। শুনানি গ্ৰহণৰ সময়ত ন্যায়াধীশ গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছে, ফোন হেকিং হোৱা বুলি দাবী কৰা লোকসকলে এতিয়ালৈকে কিয় কোনো অভিযোগ দাখিল কৰা নাই।

তেওঁ শুনানিৰ সময়ত কয়, কিছুমান লোকে দাবী কৰিছে যে তেওঁলোকৰ ফোন হেক কৰা হৈছে কিন্তু তেওঁলোকে এতিয়ালৈকে কোনো অপৰাধমূলক গোচৰ তৰা নাই। ইয়াৰ উপৰিও তেওঁ কয়, আবেদনখনত ফোন হেকিং সন্দৰ্ভত পেপাৰ কাটৰ বাহিৰে বেলেগ একো নাই। অৱশ্যে শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ গৰাকীয়ে এই বুলিও উল্লেখ কৰিছে যে, যদি ফোন টেপিঙৰ দাবী সত্য হয় তেনেহ'লে এইয়া এক গুৰুত্বৰ বিষয়।এই আবেদনৰ পৰৱৰ্তী শুনানি ১০ আগষ্টত হ'ব।

পেগাচাছ বিষয়ক কেন্দ্ৰ কৰি উচ্চতম ন্যায়ালয়ত মুঠ ৯ খন আবেদন দাখিল কৰা হৈছিল। আৰু এই আবেদনৰ শুনানি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাই গ্ৰহণ কৰিছে। আবেদনসমূহ দাখিল কৰিছে এডিটৰছ গিল্ড, চি পি আইৰ সাংসদ জন ব্ৰিটাছ, জ্যেষ্ঠ সাংবাদিক এন ৰাম, শশী কুমাৰ, জ্যেষ্ঠ অধিবক্তা কপিল চিবাল আদি।

শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ গৰাকীয়ে উল্লেখ কৰিছে যে গৰিষ্ঠসংখ্যক আবেদনেই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয়সংবাদ মাধ্যমত প্ৰকাশিত খবৰৰ ওপৰত ভিত্তি কৰি দাখিল কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in