অনুষ্টুপীয়া হৈ পৰিল ঐতিহাসিক কৃষক শ্বহীদ দিৱস…

অনুষ্টুপীয়া হৈ পৰিল ঐতিহাসিক কৃষক শ্বহীদ দিৱস…

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলবাৰে কৃষক শ্বহীদ দিৱস৷ ঐতিহাসিক পথৰুঘাট কৃষক শ্বহীদ বাকৰিত মঙলবাৰে কৃষক শ্বহীদ সকলক অনুষ্টুপীয়াকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জিলা প্ৰশাসনে। ১৮৯৪ চনৰ ২৮ জানুৱাৰীত ঐতিহাসিক পথৰুঘাটত খাজনা বৃদ্ধিৰ প্ৰতিবাদ জনাবলৈ গৈ বৃটিছৰ সেনাৰ গুলীত শ্বহীদ হৈছিল সাতকুৰি নিৰস্ত্ৰ খাটিখোৱা কৃষক৷ ২০১৭ চনৰ আগত স্হানীয় ভাবে বিভিন্ন দল সংগঠনে কৃষক শ্বহীদ দিৱস পালন কৰিছিল যদিও সম্পূৰ্ণ ১২৩ বছৰ পিছত ২০১৭ চনৰ পৰা ৰাজ্য চৰকাৰে আয়োজন কৰিছিল পথৰুঘাটত কৃষক শ্বহীদ দিৱস।

প্ৰথম বৰ্ষত কৃষক শ্বহীদ দিৱসটি ধুম ধামেৰে উদযাপিত কৰা হৈছিল যদিও বৰ্তমান অনুষ্টুপীয়া হৈ পৰিল এই কৃষক শ্বহীদ দিৱস। ২০১৭ চনৰ পৰা কৃষক শ্বহীদ দিৱস চৰকাৰীভাৱে পালিত হৈ আহিছে। ২০১৭ চনৰে পৰা এই শ্বহীদ দিৱস অনুষ্টুপীয়াকৈ হোৱা বুলি ৰাইজে আক্ষেপ প্ৰকাশ কৰে যদিও বৰ্তমানৰ ৰাজ্য চৰকাৰখনে আন্তঃগাঁথনিত গুৰুত্ব প্ৰদান কৰা বুলি কয়।

মঙলবাৰে পুৱা ৯ বজাত কৃষক শ্বহীদ দিৱসৰ পতকা উত্তোলন কৰে জিলা উন্নয়ন আয়ুক্ত চুইটি গগৈ কলিতাই। ৯-১৫ বজাত সামুহিক বন্তি প্ৰজ্বলন শুভাৰম্ভ কৰে চিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই। ৯-৪৫ বজাত শ্বহীদ তৰ্পণ অনুষ্ঠানত তৰ্পক হিচাপে অংশগ্ৰহণ কৰে জিলা উপায়ুক্ত ঘনশ্যাম দাসে।

ইয়াৰ পাছতে সৰ্বধৰ্ম প্ৰাৰ্থনা, ছাত্ৰ-ছাত্ৰীৰ মাজত শ্বহীদ দিৱসৰ তাৎপৰ্য বাখ্যা আৰু ১০-৪৫ বজাত মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত নিদিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বুধিন হাজৰিকাই। আমন্ত্ৰিত অতিথিৰ আসন অলংকৃত কৰে গুৱাহাটী জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ অশোক ভাৰ্গৱে। সভাৰ বক্তা সকলৰ বক্তব্যত এই ঐতিহাসিক পথৰুঘাটৰ প্ৰচাৰ আৰু আন্তঃগাঁথনি সুদৃঢ় কৰি ভাৰতৰ মানচিত্ৰত ঐতিহাসিক ঠাই হিচাপে বহুলভাৱে চিহ্নিত হোৱাৰ পোষকতা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in