শেহতীয়া খবৰ
অৱশেষত আত্মসমৰ্পণ কৰিলে দীৰ্ঘদিনে পলাই ফুৰা এচিএছ বিষয়া নবাৰুন ভট্টাচাৰ্যই  •  বঙাইগাঁৱত খেদি খেদি দাৰে কাটি হত্যা এজনক  •  তৃতীয়খন টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইংলেণ্ডৰ জয়  •  নলবাৰীত ৰমেশ চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ-গ্ৰন্থ উন্মোচনী সভা  •  অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নহয়! ধনদাবী কৰি ৰঙাঘৰত সোমাল জাতীয় সংগঠনৰ নেতা  •  সৰুপথাৰত প্ৰাণতোষ দাস সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতা সম্পন্ন  •  মা, এয়া তোমাৰ জন্মদিনৰ উপহাৰ...  •  অভয়াপুৰীৰ কাকৈজানাত পথ দুৰ্ঘটনাত নিহত শিক্ষক  •  আগন্তুক বিটিএডি নিৰ্বাচনত শক্তিশালীভাৱে অৱতীৰ্ণ হ'ব বিজেপিঃ ওদালগুৰিত বিজেপিৰ ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়  •  বান্দৰদেৱাত ভাড়াঘৰত উদ্ধাৰ হেৰ’ইন, পলাতক মুল অভিযুক্ত...

থ্ৰী-ডি প্ৰিণ্টিঙেৰে নিৰ্মাণ হৃদপিণ্ডৰ অংগ…

373

ডিজিটেল ডেস্কঃ বৰ্তমানৰ তথ্য প্ৰযুক্তিৰ যুগত কোনো কাম অসম্ভৱ বুলি ক’ব নোৱাৰি। সাগৰৰ গভীৰতাৰ পৰা মহাকাশলৈ সকলোতে তথ্য প্ৰযুক্তিৰ দিশত মানৱ জাতিয়ে নিজৰ দখল স্পষ্ট কৰি আহিছে। শেহতীয়াকৈ আমেৰিকাৰ বৈঞ্জানিকে থ্ৰী-ডি বায়’প্ৰিণ্টিং আৰু নতুন প্ৰযুক্তিৰ দ্বাৰা জীৱিত কোষ আৰু প্ৰটিনেৰে মানুহৰ হৃদপিণ্ড বিভিন্ন অংগ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে।

বৈজ্ঞানিকসকলে দাবী কৰে মতে, ভৱিষ্যতে এই প্ৰযুক্তিৰ দ্বাৰা মানুহৰ সম্পূৰ্ণ হৃদপিণ্ড নিৰ্মাণ কৰিব পৰা যাব। আমেৰিকাৰ কাৰ্ণেগী মেল’ন বিশ্ববিদ্যালয়ৰ বিজ্ঞান কাকতত প্ৰকাশ কৰা হৈছে এই বিষয়ে। কাকতখনৰ সহ-লেখক এডাম ফেনবৰ্গে কয় যে- তেওঁলোকে ক’লেজনৰ পৰা থ্ৰী-ডি প্ৰিন্টিঙৰ জৰিয়তে হৃদপিণ্ডৰ ৱ’ল্ড বনাইছে আৰু ই সফলভাৱে কাম কৰি আছে। উল্লেখ্য যে, শৰীৰৰ প্ৰতিটো অংগৰ কোষতে থাকে এই ক’লেজন প্ৰটিন।

Artificial heart

হৃদপিণ্ডৰ লগতে মানুহৰ শৰীৰৰ প্ৰতিটো অংগ কিছুমান বিশেষ কোষেৰে নিৰ্মিত। এই কোষবোৰক প্ৰটিনৰ এটা বায়’লজিক ফ্ৰেমে বান্ধি ৰাখে। যাক এক্সট্ৰ’ চেল্যুলৰ মেট্ৰিক্স চমুকৈ ইচিএম বুলি কোৱা যায়। ইয়াত অন্তৰ্ভুক্ত হৈ থাকে ক’লেজন। আৰু এক্সট্ৰ’ চেল্যুলৰ মেট্ৰিক্সেই কোষবোৰক বায়’কেমিকেল সংকেত প্ৰেৰণ কৰে, যাৰ দ্বাৰা কোষবোৰে বিভিন্ন অংগক নিৰ্ধাৰিত কাম কৰিবলৈ আদেশ দিয়ে।

এক সমীক্ষা অনুসৰি, বিশ্বত প্ৰতি বছৰে প্ৰায় ১০ লাখ ৰোগীক হাৰ্ট ট্ৰান্সপ্লান্টৰ প্ৰয়োজন হয়। কিন্তু ৫০ হাজাৰ ৰোগীৰ ভিতৰত মাত্ৰ ১০ বা ১৫জনৰহে হাৰ্ট ট্ৰান্সপ্লান্ট কৰিব পৰা যায়। সেয়েহে এই ক্ষেত্ৰত বৈজ্ঞানিক সকলৰ নতুন সফলতাই বহু লোকৰ প্ৰাণৰক্ষা কৰিব বুলি আশা কৰা হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি