সোমবাৰৰ পৰা শীতকালীন অধিৱেশনঃ বিজেপি, কংগ্ৰেছৰ সাংসদলৈ হুইপ জাৰি…

সোমবাৰৰ পৰা শীতকালীন অধিৱেশনঃ বিজেপি, কংগ্ৰেছৰ সাংসদলৈ হুইপ জাৰি…

ডিজিটেল ডেস্কঃ ২৯ নৱেম্বৰ সোমবাৰৰ পৰা অনুষ্ঠিত হ'ব সংসদৰ শীতকালীন অধিৱেশন। অধিৱেশনৰ প্ৰথমটো দিনতেই বিতৰ্কিত ৩ কৃষি আইন প্ৰত্যাহাৰৰ বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে বিজেপি দলৰ ফালৰ পৰা সকলো সাংসদক অধিৱেশনত উপস্থিত থাকিবলৈ হুইপ জাৰি কৰিছে।

সূত্ৰঅনুসৰি, কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে সোমবাৰে সংসদত বিধেয়কখন উপস্থাপন কৰিব। একেদিনাই, কৃষি আইন প্ৰত্যাহাৰৰ বিষয়টো সদনত আলোচনা কৰা হ'ব আৰু গৃহীত কৰাৰো সম্ভাৱনা আছে।। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ নৱেম্বৰত তিনিওখন কৃষি আইন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল। বুধবাৰে কেন্দ্ৰীয় কেবিনেটৰ দ্বাৰা এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল।

আনহাতে কংগ্ৰেছেও বৃহস্পতিবাৰে নিশা সাংসদসকলক সোমবাৰে সংসদত উপস্থিত থাকিবলৈ তিনি শাৰীৰ হুইপ জাৰি কৰিছে। এইবাৰৰ সংসদৰ অধিৱেশনত ২৬ খন বিধেয়ক উত্থাপন হ'ব। ইয়াৰ ভিতৰত কৃষি আইন প্ৰত্যাহাৰ বিধেয়কো অন্তৰ্ভুক্ত আছে।

যোৱা বছৰ ছেপ্তেম্বৰৰ বৰ্ষাকালীন অধিৱেশনত সংসদৰ দুয়োখন সদনত বিৰোধী দলৰ বিৰোধিতাৰ মাজতেই এক হুলস্থুলীয়া পৰিবেশৰ মাজত ৩ খন কৃষি আইনৰ ওপৰত এক বিধেয়ক গৃহীত কৰিছিল। তেতিয়াৰ পৰাই কৃষকসকলে ধাৰাবাহিক আন্দোলন কৰি আহিছে। বিগৰ বছৰৰ ২৬ নৱেম্বৰৰ পৰা দিল্লীৰ সীমাত কৃষকসকলৰ প্ৰতিবাদো চলি আছে। এই সময়ছোৱাত কৃষক সংগঠন আৰু চৰকাৰৰ মাজত কেইবাটাও পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হৈছিল, কিন্তু সকলোবোৰ অমীমাংসিত হৈ আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in