আমি নামৰ আগত চকীদাৰ লিখিছো, কংগ্ৰেছে ‘পাপ্পু’ লিখি লওঁক! আপত্তি নাইঃ বিজেপি

আমি নামৰ আগত চকীদাৰ লিখিছো, কংগ্ৰেছে ‘পাপ্পু’ লিখি লওঁক! আপত্তি নাইঃ বিজেপি

ডিজিটেল ডেস্কঃ সন্মুখত লোকসভা নিৰ্বাচন। আৰু বৰ্তমান ছ'চিয়েল মিডিয়াত 'চকীদাৰ' প্ৰচাৰ চলাই আছে বিজেপিয়ে। দলটোৰ বহু নেতা-কৰ্মীয়ে টুইটাৰ একাউণ্টত নিজৰ নামৰ আগত 'চকীদাৰ' লিখি লৈছে। তাৰ মাজতেই হাৰিয়ানাৰ মন্ত্ৰী অনিল বিজে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি মন্তব্য ব্যক্ত কৰিছে।

তেওঁ কংগ্ৰেছক কটাক্ষ কৰি টুইটাৰত লিখে- 'দলটোৰ কৰ্মকৰ্তাসকলে নিজৰ নামৰ আগত 'পাপ্পু' লিখি ল'ব লাগে। ইয়াক লৈ বিজেপিৰ কোনো আপত্তি নাই।' উল্লেখ্য যে, বিজেপিৰ বহু নেতা-কৰ্মীয়ে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক পাপ্পু বুলি কয়।

আনহাতে, ৰাহুল গান্ধীসহ কংগ্ৰেছৰ অন্য নেতা-কৰ্মীয়ে ৰাফেল বিমান ক্ৰয় প্ৰক্ৰিয়াত প্ৰধানমন্ত্ৰীয়ে কেলেংকাৰী সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰি আহিছে। আৰু কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে 'চকীদাৰেই চোৰ হয়' বুলি শ্ল'গান দি প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি আহিছে। কাৰণ প্ৰধানমন্ত্ৰীয়ে বহুবাৰ নিজকে দেশৰ চকীদাৰ বুলি কৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in